আগৰতলা, ৪ ডিচেম্বৰ :কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্দিয়া(Union Civil Aviation Minister Jyotiraditya Scindia)ই আজি ত্ৰিপুৰাত উপস্থিত হৈ কয় যে, নতুন অত্যাধুনিক টাৰ্মিনেলৰ উদ্বোধনৰ লগে লগে ত্ৰিপুৰাৰ গৌৰৱময় ইতিহাসত আজি এক নতুন অধ্যায় যোগ কৰা হৈছে (Jyotiraditya Scindia on Tripura) ৷ ই উত্তৰ-পূৱৰ উন্নয়নৰ ক্ষেত্ৰত নতুন দুৱাৰ মুকলি কৰিব ।
আগৰতলাত এমবিবি বিমানবন্দৰৰ নতুন টাৰ্মিনেল (New terminal of MBB airport in Agartala ) ভৱনটো উদ্বোধনৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কয় যে, ইণ্টিগ্ৰেটেড টাৰ্মিনেল হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগী আৰু সংকল্পৰ এক উদাহৰণ । তেওঁ কয়, "আজি এই নতুন অত্যাধুনিক টাৰ্মিনেলটো উদ্বোধনৰ লগে লগে ত্ৰিপুৰাৰ গৌৰৱময় ইতিহাসত এক নতুন অধ্যায় যোগ কৰা হৈছে । ইণ্টিগ্ৰেটেড টাৰ্মিনেল হৈছে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী আৰু সংকল্পৰ এক উদাহৰণ । ইয়াৰ ফলত ৰাজ্যখন আৰু সমগ্ৰ উত্তৰ-পূৱতে উন্নয়নৰ নতুন দুৱাৰ মুকলি হ'ব"।