অসম

assam

ETV Bharat / bharat

ৰে’ল যাত্ৰাৰ বাবে এতিয়াৰে পৰা প্ৰযোজ্য হ’ব এই নিয়ম...

ৰে’ল যাত্ৰাৰ ক্ষেত্ৰত ভাৰতীয় ৰে’ল বিভাগে কেতবোৰ বিশেষ সালসলনি কৰিছে ৷ ইয়াৰ জৰিয়তে ভাৰতীয় ৰে’ল বিভাগে যাত্ৰা অধিক আকৰ্ষণীয় আৰু উন্নীতকৰণ কৰিছে ৷ পৰ্যটন বিকাশৰ ক্ষেত্ৰত ই এক গুৰুত্ব ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে ।

ৰে’ল যাত্ৰাৰ বাবে এতিয়াৰে পৰা প্ৰযোজ্য হ’ব এই নিয়ম...
ৰে’ল যাত্ৰাৰ বাবে এতিয়াৰে পৰা প্ৰযোজ্য হ’ব এই নিয়ম...

By

Published : Aug 19, 2021, 2:26 PM IST

Updated : Aug 20, 2021, 10:01 AM IST

নিউজ ডেস্ক, 19 আগষ্ট :ৰে’লযাত্ৰীসকলৰ বাবে ভাৰতীয় ৰে’ল বিভাগে মুকলি কৰিছে কেতবোৰ নতুন নিয়ম ৷ এতিয়াৰে পৰা প্ৰতিগৰাকী যাত্ৰীয়েই মানিব লাগিব এই নিয়মসমূহ ৷ বিশেষকৈ দূৰণিবটীয়া যাত্ৰীসকলৰ ক্ষেত্ৰত প্ৰযোজ্য কৰা হ’ব এই নিয়ম ৷ কাৰণ ৰিজাৰ্ভেচনৰ সময়ত আপোনাক প্ৰয়োজন হ’ব এই নিয়মসমূহ ৷ পিছে কি এই নিয়ম ? ভাৰতীয় ৰে’ল বিভাগে যাত্ৰীসকলক উদ্দেশ্যি প্ৰকাশ কৰিছে কেতবোৰ নতুন কোড ৷ এই কোড পাহৰিলে আপুনি পৰিব পাৰে বিপদত ৷ চাওকচোন ৰে’ল বিভাগে কি কোড প্ৰকাশ কৰিছে-

এই নতুন কোডবোৰ এনেধৰণৰ-

শ্লিপাৰ ক্লাছ - SLC, AC চেয়াৰ কাৰ-CCC, 3rd AC- 3 AB, AC 3 টায়াৰ ইক’ন’মি- 3 EM, 2nd AC- 2 AA, গৰীৱ ৰথৰ চেয়াৰ কাৰ- C C J, গৰীৱ ৰথৰ এচি থ্ৰি টায়াৰ - 3A G, ফাৰ্ষ্ট এচি- 1 A H, এ‌কজিকিউটিভ ক্লাছ- E.CE, অনুভূতি ক্লাছ- E. AK, ফাৰ্ষ্ট ক্লাছ - F. CF আৰু ভিষ্টাডোম এচি V.S AC DV ।

ইয়াৰ উপৰিও দেশৰ প্ৰতিখন ৰাজ্যত ভিষ্টাডোম কোচ আৰম্ভ কৰিবলৈ সিদ্ধান্ত লৈছে ৰে’ল কৰ্তৃপক্ষই । ভিষ্টাডোম কোচ হৈছে সম্পূৰ্ণভাৱে গ্লাছেৰে নিৰ্মিত কোচ ৷ ভিষ্টাডোম কোচত ৰে’লখনৰ ওপৰৰ ভাগতো গ্লাছ থকাৰ ফলত যাত্ৰীয়ে বাহিৰৰ সম্পূৰ্ণ দৃশ্য উপভোগ কৰিব পাৰিব । ভিষ্টাডোম কোচৰ প্ৰতিখন আসনে 180° ঘূৰাই বহি ল’ব পাৰিব যাত্ৰীয়ে । ইয়াৰ ফলত এই কোচসমূহৰ জনপ্ৰিয়তা দিনক-দিনে বৃদ্ধি পাবলৈ ধৰিছে আৰু পৰ্যটন বিকাশৰ ক্ষেত্ৰত ইয়াৰ গুৰুত্ব অপৰিসীম হিচাপে পৰিগণিত হৈছে ।

ইতিমধ্যে ভাৰতৰ মুম্বাই, গোৱা আদি ঠাইত চলাচল কৰা এই নতুন ৰে’লে ৰাইজৰ ব্যপক সঁহাৰি লাভ কৰিছে । ৰে’ল বিভাগে দেশৰ প্ৰতিটো জ’নত ইতিমধ্যে চিঠিযোগে ৰে’ল ব’ৰ্ডক এই নতুন পৰিকল্পনাৰ বিষয়ে অৱগত কৰিছে ৷ ভিষ্টাডোম কোচৰ লগত থ্ৰি টায়াৰ ইকনমি ক্লাছো সংলগ্ন হ’ব আৰু উক্ত কোচসমূহৰ ৮৩ টাকৈ বাৰ্থ থাকিব ।

লগতে পঢ়ক :জনা নজনা: এছিয়া মহাদেশৰ সবাতোকৈ পৰিস্কাৰ গাঁওখন

Last Updated : Aug 20, 2021, 10:01 AM IST

ABOUT THE AUTHOR

...view details