অসম

assam

By

Published : Mar 20, 2022, 3:38 PM IST

ETV Bharat / bharat

সোমাবাৰে শপত ল'ব পাঞ্জাৱ চৰকাৰৰ নতুন মন্ত্ৰীসকলে

ঘোষণা হ'ল পাঞ্জাৱৰ আম আদমি পাৰ্টি চৰকাৰৰ ১০ জনীয়া মন্ত্ৰী তালিকা (AAP releases List of Punjab Cabinet)। সোমবাৰে শপত গ্ৰহণ কৰিব নতুন মন্ত্ৰীসকলে । শপত গ্ৰহণৰ পাছতে ভগৱন্ত মান চৰকাৰৰ প্ৰথমখন কেবিনেট ।

Punjab
সোমাবাৰে শপত ল'ব পাঞ্জাৱ চৰকাৰৰ নতুন মন্ত্ৰীসকলে

নেশ্যনেল ডেস্ক,২০ মাৰ্চ :প্ৰথমবাৰলৈ পাঞ্জাৱৰ বিধানসভা নিৰ্বাচনত জয়ী হোৱা আম আদমি পাৰ্টিয়ে প্ৰকাশ কৰিছে মন্ত্ৰীসভাৰ তালিকা (AAP releases List of Punjab Cabinet)। সোমবাৰে পুৱা ১১ বজাত ৰাজভৱনত নতুন মন্ত্ৰীসকলে শপত গ্ৰহণ কৰিব (New Punjab ministers to take oath on Monday)। ভগৱন্ত মানে সাম্ভাব্য ১০ জনীয়া মন্ত্ৰীৰ তালিকা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে (Bhagwant Mane shared a list of 10 ministers)।

সেইসকলৰ ভিতৰত আছে হৰপাল সিং চিমা, ড০ বলজিৎ কৌৰ, হৰভজন সিং ইটিঅ', ড০ বিজয় সিংলা, গুৰমিত সিং মিট হেৰ, হৰজ্যোট সিং বেইন্স, লাল চান্দ কাটাৰুচক, কুলদীপ সিং ধালিৱাল, ললজিৎ সিং ভুল্লাৰ, ব্ৰাম শংকৰ (জিম্পা) মন্ত্ৰী হ'ব । ১০ জনীয়া মন্ত্ৰী তালিকাত একমাত্ৰ মহিলা ড০ বলজিৎ কৌৰক অন্তৰ্ভুক্ত কৰা হৈছে । এইসকলৰ ভিতৰত দুগৰাকী বিধায়ক আছে যিয়ে দ্বিতীয়বাৰৰ বাবে বিধানসভা নিৰ্বাচনত জয়ী হৈছে ।

বিভিন্ন দিশ পৰ্যালোচনাৰ অন্তত ভগৱন্ত মানৰ মন্ত্ৰীসভা গঠন কৰা হৈছে । জাতি আৰু ধৰ্মৰ ভিত্তিত কেবিনেট ঘোষণা কৰা হৈছে যদিও নতুন মুখৰ প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হৈছে । শপত গ্ৰহণৰ পাছতে ১২.৩০ বজাত মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ নেতৃত্বত প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত হ'ব (First cabinet meeting of AAP government in Punjab)। য'ত আম আদমি পাৰ্টিয়ে নিৰ্বাচন সম্পৰ্কীয় বিভিন্ন গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব ।

ইফালে বিধানসভা অধিৱেশনৰ প্ৰথম দিনাই বিধায়কসকলৰ শপত গ্ৰহণ অনুষ্ঠিত হৈছে । মুখ্যমন্ত্ৰীৰ উপৰিও আপৰ কেইজনমান বিধায়কক মন্ত্ৰীসকলৰ বাবে সংৰক্ষিত চকীত বহি থকা দেখা গৈছিল । য'ত আছিল হৰপাল চিমা, অমন অৰোৰা, কুলতাৰ সিং সন্ধৱান, নৰিন্দৰ কৌৰ ভৰাজ, অধ্যাপক বলজিন্দৰ কৌৰ, সৰ্বজিৎ কৌৰ মানুকে, অধ্যক্ষ বুধৰাম, মনজিৎ সিং বিলাসপুৰ আৰু ড০ বলজিৎ কৌৰ।

আনহাতে নিৰ্বাচনত আম আদমী পাৰ্টিয়ে বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিছিল । পাঞ্জাৱৰ প্ৰতিটো পৰিয়ালক ৩০০ ইউনিট বিনামূলীয়া বিদ্যুতৰ প্ৰতিশ্ৰুতি দিছিল দলটোৱে । ইয়াৰ উপৰিও, চৰকাৰী চাকৰি আৰু ১৮ বছৰৰ উৰ্ধৰ প্ৰতিগৰাকী মহিলাক প্ৰতি মাহে ১০০০ টকা দিয়াৰ কথা ঘোষণা কৰিছিল ।

লগতে পঢ়ক :লালুৰ বাবে বিষাদেৰে ভৰা হ'ল ৰঙৰ উৎসৱ

For All Latest Updates

ABOUT THE AUTHOR

...view details