নেশ্যনেল ডেস্ক,৩০ ডিচেম্বৰ :জম্মু-কাশ্মীৰত অনুচ্ছেদ ৩৭০ বাতিল হোৱাৰ পাছত বহুতো নতুন নতুন ৰাজনৈতিক সংগঠন গঢ় লৈ উঠিছে (New political parties in Kashmir after 2019)। যিবোৰে ৰাজনৈতিক বিশ্লেষক আৰু দশকপুৰণি মূলসুঁতিৰ ৰাজনৈতিক দলসমূহক উদ্বিগ্ন কৰি তুলিছে । যাৰ বাবে সেই দলসমূহক জম্মু আৰু কাশ্মীৰৰ মুছলমান সংখ্যাগৰিষ্ঠ বিধানসভা খণ্ডত ভোট বিভাজন কৰাৰ অভিযোগ উত্থাপন হৈছে ।
২০১৯ চনৰ ৫ আগষ্টৰ পৰা কমেও ১০ টা ৰাজনৈতিক সংগঠন পঞ্জীয়ন কৰা হৈছে, যাৰ ভিতৰত আছে প্ৰাক্তন কংগ্ৰেছ নেতা গুলাম নবী আজাদৰ ডেমক্ৰেটিক প্ৰগ্ৰেছিভ আজাদ পাৰ্টি (Democratic Progressive Azad Party)। অন্যান্য দল তথা সংগঠনবোৰৰ ভিতৰত আছে নেচনেল আৱামী ইউনাইটেড পাৰ্টি, নেচনেল ডেমক্ৰেটিক পাৰ্টি (ইণ্ডিয়ান), অমন ঔৰ শান্তি তেহৰিক-ই-জম্মু-কাশ্মীৰ, ভইচ অফ লেবাৰ পাৰ্টি (জম্মু-কাশ্মীৰ), হক ইনচাফ পাৰ্টি (Haq Insaaf Party), জম্মু আৰু কাশ্মীৰ পিপলছ মুভমেণ্ট, জম্মু আৰু কাশ্মীৰ নেশ্যনেলিষ্ট পিপলছ ফ্ৰণ্ট আৰু জম্মু-কাশ্মীৰ আপনি পাৰ্টি ।
অনুচ্ছেদ ৩৭০ বাতিল হোৱাৰ কেইমাহমান পাছত যেতিয়া চৰকাৰে কেইবাজনো মূলসুঁতিৰ নেতাক কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল তেতিয়া পিডিপিৰ প্ৰাক্তন মন্ত্ৰী আলতাফ বুখাৰীয়ে ২০২০ চনৰ মাৰ্চ মাহত আপনি পাৰ্টি আৰম্ভ কৰিছিল । আনহাতে নেচনেল কনফাৰেন্স আৰু পিডিপিৰ দ্বাৰা গঠন হোৱা আপনি পাৰ্টিক (Jammu and Kashmir Apni Party) বিজেপিৰ "B" দল বুলি চৰ্চা কৰা হৈছে । ইফালে অনুচ্ছেদ ৩৭০ বাতিল হোৱাৰ পাছত বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে যদিও এতিয়ালৈকে অনুষ্ঠিত হোৱা নাই ।