অসম

assam

ETV Bharat / bharat

PM Modi launches 75 special coin : নতুন সংসদ ভৱনৰ স্মৃতিত ৭৫ টকীয়া মুদ্ৰা আৰু ডাক টিকট উন্মোচন - New Parliament building

নতুন সংসদ ভৱনৰ লগতে প্ৰধানমন্ত্ৰী মোডীয়ে উন্মোচন কৰে ৭৫ টকীয়া মুদ্ৰা আৰু ডাক টিকট (Special coin for new parliament building)। মুদ্ৰাটো কোৱাটাৰনেৰী সংকৰ ধাতুৰে নিৰ্মিত । নতুন সংসদ ভৱনত ভিআইপি, সাংসদ আৰু দৰ্শনাৰ্থীৰ বাবে পৃথক প্ৰৱেশদ্বাৰ আছে ।

PM Modi launches 75 special coin
নতুন সংসদ ভৱনৰ স্মৃতিত ৭৫ টকীয়া মুদ্ৰা আৰু ডাক টিকট উন্মোচন

By

Published : May 28, 2023, 4:49 PM IST

নেশ্যনেল ডেস্ক,২৮ মে':প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে উদ্বোধন কৰিলে দেশৰ নতুন সংসদ ভৱন (PM Inaugurates New Parliament building)। নতুন সংসদ ভৱন উদ্বোধনৰ স্মৃতিত এক বিশেষ ৭৫ টকীয়া মুদ্ৰাও মুকলি কৰে প্ৰধানমন্ত্ৰীয়ে (Special 75 rupees coin)। আনহাতে প্ৰধানমন্ত্ৰী মোডীয়ে নতুন সংসদ ভৱনৰ উদ্বোধনৰ স্মৃতিত এটা ডাক টিকটো উন্মোচন কৰে ।

বিশেষভাৱে প্ৰস্তুত কৰা ৭৫ টকীয়া মুদ্ৰাটোৰ এটা ফালে কেন্দ্ৰত আছে অশোক স্তম্ভ । তাৰ তলত লিখা আছে 'সত্যমেৱ জয়তে' । ইয়াৰ কাষত বাঁও পৰিধিত দেৱনাগিৰি লিপিত লিখা আছে ভাৰত শব্দটো আৰু সোঁ পৰিধিত ইংৰাজীত ভাৰত শব্দটো লিখা আছে । মুদ্ৰাটোৰ তলৰ ফালে আন্তৰ্জাতিক সংখ্যাত টকাৰ চিহ্ন আৰু মূল্য '৭৫' লিখা আছে (Special coin for new parliament building) ।

৭৫ টকীয়া মুদ্ৰাটোৰ আন এটা ফালে নতুন সংসদ চৌহদৰ প্ৰতিচ্ছবি আছে । এই সংসদৰ ছবিৰ ওপৰৰ ফালে লিখা আছে দেৱনাগিৰি লিপিত 'সংসদ সংকুল' । আনহাতে, তলত ইংৰাজীত লিখা আছে 'সংসদ কমপ্লেক্স' । ইয়াৰ উপৰিও আন্তৰ্জাতিক সংখ্যাত '২০২৩' বৰ্ষটো সংসদ চৌহদৰ ছবিৰ তলতে লিখা আছে । এই মুদ্ৰাটোৰ ওজন ৩৫ গ্ৰাম । ইয়াৰ ব্যাস ৪৪ মিলিমিটাৰ । মুদ্ৰাটো নিৰ্মাণ কৰা হৈছে কোৱাটাৰনেৰী সংকৰ ধাতুৰে । যাৰ গঠন ৫০ শতাংশ ৰূপ, ৪০ শতাংশ তাম, নিকেল আৰু জিংক পাঁচ শতাংশকৈ ।

উল্লেখ্য যে পৰম্পৰাগত পোছাক পৰিধান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নতুন সংসদ ভৱন উদ্বোধন কৰে (New Parliament building)। ত্ৰিভুজাকৃতিৰ চাৰিমহলীয়া অট্টালিকাটো ৬৪,৫০০ বৰ্গ মিটাৰ আয়তনজুৰি আছে আৰু তিনিখন মূল প্ৰৱেশদ্বাৰ ক্ৰমে জ্ঞান দ্বাৰ, শক্তি দ্বাৰ, আৰু কৰ্ম দ্বাৰ । ইয়াত ভিআইপি, সাংসদ আৰু দৰ্শনাৰ্থীৰ বাবে পৃথক প্ৰৱেশদ্বাৰ আছে । ইফালে নতুন সংসদ ভৱনৰ উদ্বোধনক লৈ বিতৰ্ক চলি থকাৰ মাজতে কংগ্ৰেছকে ধৰি বিভিন্ন বিৰোধী দলে উদ্বোধনী অনুষ্ঠান বৰ্জন কৰে ।

লগতে পঢ়ক :New parliament building inauguration: দেওবাৰে নতুন দিল্লীত নিৰাপত্তা বাহিনীৰ অভেদ্য দুৰ্গ

ABOUT THE AUTHOR

...view details