অসম

assam

By

Published : Jan 2, 2023, 4:49 PM IST

ETV Bharat / bharat

Delhi mishap updates: আৰক্ষীৰ জালত দিল্লীৰ কাঞ্জাৱালা কাণ্ডৰ সৈতে জড়িত পাঁচ যুৱক

দিল্লীৰ কাঞ্জাৱালাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । উলংগ অৱস্থাত উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ । আৰক্ষীয়ে জনোৱা তথ্য অনুসৰি সুৰাপায়ী পাঁচ যুৱকৰ দলে স্কুটীৰে সৈতে প্ৰায় ৪ কিলোমিটাৰ দূৰলৈ যুৱতীগৰাকীক চোঁচৰাই নিয়াৰ ফলতে মৃত্যু হয় যুৱতীগৰাকীৰ (Girl was dragged for 4 km by five boys) ।

new facts revealed in delhi girl murder case
দিল্লীৰ যুৱতীক হত্যা কৰা ঘটনাৰ নতুন তথ্য প্ৰকাশ কৰিলে আৰক্ষীয়ে

নেশ্যনেল ডেস্ক,২ জানুৱাৰী:নৱবৰ্ষৰ আনন্দ-উল্লাসৰ মাজতে দিল্লীৰ কাঞ্জাৱালাত চাঞ্চল্যকৰ ঘটনা । সুৰাপায়ী উদণ্ড যুৱকৰ দলে প্ৰায় ৪ কিলোমিটাৰ চোঁচৰাই নিলে স্কুটী আৰোহী এগৰাকী যুৱতীক (Girl was dragged for 4 km by five boys) । উলংগ অৱস্থাত উদ্ধাৰ হৈছে যুৱতীগৰাকীৰ মৃতদেহ । ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছে ৫ গৰাকী অভিযুক্তক । ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।

জানিব পৰা মতে, ৩১ ডিচেম্বৰৰ নিশা পাঁচজন ল'ৰাই এগৰাকী যুৱতীক চাৰি কিলোমিটাৰ স্কুটীৰ সৈতে চোঁচৰাই নিছিল (Drunk youth stabbed girl) । আৰক্ষীয়ে জনোৱা তথ্য অনুসৰি ১ জানুৱাৰীৰ পুৱা প্ৰায় ৩.২৪ বজাত আৰক্ষীয়ে এখন বেলেনো বাহনেৰে এগৰাকী যুৱতীক টানি নিয়াৰ তথ্য লাভ কৰিছিল । আৰক্ষীক ফোন কৰা লোকজনে কৈছিল যে, এগৰাকী মহিলাৰ মৃতদেহ এখন বেলেনো গাড়ীত বান্ধি দিয়া টানি নিয়া হৈছিল । সেই খবৰ পোৱা মাত্ৰকে তৎক্ষণাৎ আৰক্ষীৰ এটা দলঘটনাস্থলীলৈ প্ৰেৰণ কৰা হয় আৰু তহলত নিয়োজিত কৰ্মচাৰীসকলক সতৰ্ক কৰি দিয়া হয় ।

ইয়াৰ পিছতে পুৱা প্ৰায় ৪.১১ বজাত কাঞ্জাৱালা অঞ্চলত পৰি থকা এটা মৃতদেহ সন্দৰ্ভত দ্বিতীয়বাৰ ফোনযোগে এক তথ্য লাভ কৰিছিল আৰক্ষীয়ে । লগে লগে আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় । লগতে ৰোহিণী জিলাৰ অপৰাধ অনুসন্ধানকাৰী দলকো ঘটনাস্থলীলৈ মাতি অনা হয় । অপৰাধ অনুসন্ধানকাৰী দলটোৱে ঘটনাস্থলী পৰিদৰ্শন কৰিছিল আৰু বিভিন্ন দিশৰ পৰা আলোকচিত্ৰ সংগ্ৰহ কৰে । তাৰ পিছত, যুৱতীগৰাকীৰ মৃতদেহ মংগোলপুৰীৰ চিকিৎসালয়ৰ SGM লৈ প্ৰেৰণ কৰা হয় ।

ইফালে দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ সন্দৰ্ভত অনুসন্ধান চলাই গাড়ীখন বিচাৰি উলিওৱা হৈছে । বাহনখনৰ আৰোহীসকলকো বিচাৰি উলিয়াবলৈ সক্ষম হৈছে আৰক্ষী । আৰক্ষীয়ে জনোৱা অনুসৰি যে, গাড়ীখন চুলতানপুৰী অঞ্চলত দুৰ্ঘটনাত পতিত হৈছিল । আৰক্ষীয়ে বাহনখনত থকা পাঁচজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে বুলি জানিবলৈ দিয়ে । গ্ৰেপ্তাৰ কৰা অভিযুক্তকেইজন ক্ৰমে দীপক খান্না, অমিত খান্না, কৃষ্ণ, মিথু আৰু মনোজ মিট্টাল বুলি চিনাক্ত কৰা হৈছে (Police have arrested 5 accused) ।

দীপক খান্না এজন গাড়ী চালক, অমিত খান্নাই উত্তম নগৰত SBI কাৰ্ডৰ লেনদেনৰ সৈতে জড়িত, কৃষ্ণই কনট প্লেচত কাম কৰে, মিথুৱে নাৰায়ণত নাপিত হিচাপে কাম কৰে আৰু মিত্তালে চুলতানপুৰীত খাদ্য ব্যৱসায়ী হিচাপে কাম কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । অভিযুক্ত কেইজনে যুৱতীগৰাকী তেওঁলোকৰ বাহনৰ তলত সোমাই পৰা কথাতো জ্ঞাত নহয় বুলি উল্লেখ কৰে ।

ইফালে ঘটনা সন্দৰ্ভত দিল্লী মহিলা আয়োগৰ(Delhi Commission for Women) মুৰব্বী স্বাতী মালিৱালে ঘটনাটোক লৈ দিল্লী আৰক্ষীলৈ জাননী জাৰি কৰিছে । তেওঁ টুইটযোগে কয় যে, দিল্লীৰ কাঞ্জাৱালাত এগৰাকী যুৱতীৰ নগ্ন মৃতদেহ উদ্ধাৰ কৰা হৈছে । কিছুমান ল'ৰাই নিচাসক্ত অৱস্থাত গাড়ীখনৰ সৈতে তেওঁৰ স্কুটীত খুন্দা মাৰিছিল আৰু তেওঁক কেইবা কিলোমিটাৰলৈ চোঁচৰাই নিছিল । এই ঘটনা অতি ভয়ানক ।

লগতে পঢ়ক:Rajouri killings : মৃতকৰ পৰিয়ালক ন্যায় প্ৰদানৰ দাবী স্থানীয় লোকৰ

ABOUT THE AUTHOR

...view details