অসম

assam

'আন্তৰ্জাতিক মাতৃভাষা দিৱস'ৰ শুভেচ্ছা অমিত শ্বাহৰ

By

Published : Feb 21, 2021, 1:58 PM IST

দেশবাসীক 'আন্তৰ্জাতিক মাতৃভাষা দিৱস'ৰ শুভেচ্ছা জ্ঞাপন কৰে অমিত শ্বাহে । তেওঁ উল্লেখ কৰা মতে, মোডী চৰকাৰৰ নতুন শিক্ষা নীতি ভাৰতীয় ভাষাৰ সংৰক্ষণ, বিকাশ আৰু সবলীকৰণৰ বাবে চৰকাৰৰ প্ৰচেষ্টা প্ৰতিফলিত হৈছে ।

'আন্তৰ্জাতিক মাতৃভাষা দিৱস'ৰ শুভেচ্ছা অমিত শ্বাহৰ
'আন্তৰ্জাতিক মাতৃভাষা দিৱস'ৰ শুভেচ্ছা অমিত শ্বাহৰ

নিউজ ডেস্ক,২১ ফেব্ৰুৱাৰী:সমগ্ৰ বিশ্বৰ লগতে ভাৰতৰো বিভিন্ন প্ৰান্তত পালন কৰা হৈছে 'আন্তৰ্জাতিক মাতৃভাষা দিৱস' । এই দিনটোতে দেশবাসীক উদ্দেশ্যি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এটা বিশেষ টুইট কৰা দেখা গ'ল । টুইটত তেওঁ উল্লেখ কৰা মতে মোডী চৰকাৰে ভাৰতীয় ভাষাৰ সংৰক্ষণ, বিকাশ আৰু সবলীকৰণৰ বাবে নতুন শিক্ষা নীতি প্ৰৱৰ্তন কৰিছে ।

অমিত শ্বাহৰ মতে মাতৃভাষা হৈছে অভিব্যক্তিৰ এক শক্তিশালী মাধ্যম । তেওঁ হিন্দী ভাষাত টুইট কৰি সকলোকে এই দিৱসৰ শুভেচ্ছা জনায় । এই দিনটোৱে আমাৰ সাংস্কৃতিক ঐতিহ্য ৰক্ষাৰ বাবে সকলোকে অনুপ্ৰাণিত কৰে বুলিও মন্তব্য কৰে গৃহমন্ত্ৰী অমিত শ্বাহে ।

লগতে পঢ়ক:মাতৃভাষা দিৱসৰ ইতিহাস আৰু তাৎপৰ্য

ABOUT THE AUTHOR

...view details