অসম

assam

ETV Bharat / bharat

G20 summit 2023 : বাইডেনক স্বাগতম জনাবলৈ সাজু নতুন দিল্লী

ৰাষ্ট্ৰপতি জো বাইডেন আৰু তেওঁৰ সৈতে অহা প্ৰতিনিধিসকলৰ বাবে ৪০০ টা কোঠা বুকিং কৰা হৈছে । আইটিচি মৌৰ্য শ্বেৰাটনে ইয়াৰ পূৰ্বে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জৰ্জ ডব্লিউ বুছ, বিল ক্লিণ্টন আৰু বাৰাক অ'বামাৰ লগতে অন্যান্য ৰাষ্ট্ৰপ্ৰধানসকলকো আতিথ্য প্ৰদান কৰিছিল ।

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 8:16 PM IST

G20 summit 2023
G20 summit 2023

নিউজ ডেস্ক, ৭ ছেপ্টেম্বৰ :বহু প্ৰতীক্ষিত দিল্লী জি-২০ সন্মিলন দুৱাৰদলিত । বিশ্ব নেতাসকলক স্বাগমত জনাবলৈ সকলো প্ৰকাৰে সাজু হৈছে দেশৰ ৰাজধানী । কটকটীয়া সুৰক্ষা ব্যৱস্থাৰ পৰা অতিথি আপ্যায়ণলৈকে ক'তো একো খুঁত ৰখা নাই জি-২০ৰ সভাপতি ভাৰতে । আনহাতে, শুকুৰবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনক জি-২০ সন্মিলনৰ বাবে আদৰণি জনাবলৈ সম্পূৰ্ণ সাজু হৈছে নতুন দিল্লী । ভাৰতৰ সভাপতিত্বৰ অধীনত এই জি-২০ সন্মিলনক এক ঐতিহাসিক সন্মিলন হিচাপে গণ্য কৰা হৈছে । আইটিচি মৌৰ্য শ্বেৰাটন হোটেলৰ চৌদিশে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে । উল্লেখ্য যে এইখন হোটেলতে থাকিব বিশ্বৰ শক্তিধৰ দেশ আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেন ।

সূত্ৰ অনুসৰি, ৰাষ্ট্ৰপতি জো বাইডেন আৰু তেওঁৰ সৈতে অহা প্ৰতিনিধিসকলৰ বাবে হোটেলখনৰ ৪০০ টা কোঠা বুকিং কৰা হৈছে । এই হোটেলখনে পূৰ্বতে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জৰ্জ ডব্লিউ বুছ, বিল ক্লিণ্টন আৰু বাৰাক অ'বামাৰ লগতে অন্যান্য ৰাষ্ট্ৰপ্ৰধানসকলকো আতিথ্য প্ৰদান কৰিছিল । নিৰাপত্তাৰ বাবে এই আইকনিক বিলাসী হোটেলখনৰ প্ৰতিটো মহলাত জো বাইডেনৰ ছিক্ৰেট ছাৰ্ভিচ কমাণ্ডো মোতায়েন কৰা হ'ব । তদুপৰি, ৰাষ্ট্ৰপতিক তেওঁৰ দুটা শোৱনিকোঠাৰ গ্ৰেণ্ড প্ৰেছিডেন্সিয়েল ছুইটলৈ লৈ যোৱাৰ বাবে এটা বিশেষ এলিভেটৰৰ ব্যৱস্থা কৰা হৈছে ।

ইয়াৰ উপৰি নিৰাপত্তা ব্যৱস্থাৰ কথা মনত ৰাখি বিশ্বৰ আটাইতকৈ ব্যয়বহুল গাড়ী, উন্নত অস্ত্ৰ, বোমা ডিটেক্টৰ, এটা নিয়ন্ত্ৰণ কক্ষ আৰু এক সমান্তৰাল যোগাযোগ ব্যৱস্থাও কৰা হৈছে । উল্লেখ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনে শুকুৰবাৰে জি-২০ সন্মিলনৰ সমান্তৰালভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে এক দ্বিপাক্ষিক বৈঠকতো মিলিত হ'ব ।

সৰু মডুলাৰ পাৰমাণৱিক ৰিয়েক্টৰ, ভাৰতীয় শিক্ষাৰ্থীসকলৰ বাবে নিৰ্মিত এক বিশেষ শৈক্ষিক কাৰ্যসূচী, ড্ৰোন চুক্তিত অগ্ৰগতি, জেট ইঞ্জিনজড়িত প্ৰতিৰক্ষা চুক্তিৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছৰ অনুমোদনৰ দিশত অগ্ৰগতি, ইউক্ৰেইনৰ বাবে যুটীয়া মানৱীয় সাহায্য আৰু দুয়োখন ৰাষ্ট্ৰতে নতুন কনছুলেট স্থাপন দুয়োগৰাকী নেতাৰ মাজত দ্বিপাক্ষিক বৈঠকৰ কাৰ্যসূচীত আছে বুলি সূত্ৰত প্ৰকাশ ।

লগতে এই কাৰ্যসূচীত লেপটপ, টেবলেট আৰু কম্পিউটাৰ আমদানিৰ ওপৰত ভাৰতে আৰোপ কৰা নিয়ন্ত্ৰণৰ ওপৰতো আলোচনা হ'ব । হোৱাইট হাউছৰ বিবৃতি অনুসৰি, নতুন দিল্লীত থকাৰ সময়ত ৰাষ্ট্ৰপতি জো বাইডেনে প্ৰধানমন্ত্ৰী মোদীৰ জি-২০ৰ নেতৃত্বক প্ৰশংসা কৰাৰ লগতে ২০২৬ চনত এই সন্মিলন আয়োজন কৰি অৰ্থনৈতিক সহযোগিতাৰ মুখ্য মঞ্চ হিচাপে জি-২০ৰ প্ৰতি আমেৰিকাৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰিব । জলবায়ু পৰিৱৰ্তন, সেউজ শক্তি আৰু ইউক্ৰেইন সংকটো জি-২০ সন্মিলনৰ কাৰ্যসূচীত আছে বুলি হোৱাইট হাউছৰ সূত্ৰত প্ৰকাশ ।

উল্লেখ্য যে ইয়াৰ পূৰ্বে যোৱা জুন মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমেৰিকা ভ্ৰমণৰ সময়ত জো বাইডেনে জি-২০ সন্মিলনৰ প্ৰতি সমৰ্থন ব্যক্ত কৰি কৈছিল যে তেওঁ ব্যক্তিগতভাৱে বৈঠকত উপস্থিত থাকিবলৈ বাট চাই আছে । তদুপৰি, ৰাষ্ট্ৰপতি জো বাইডেনৰ এই ভ্ৰমণে কূটনৈতিক গুৰুত্ব আৰু ভাৰত-আমেৰিকাৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰাৰো সম্ভাৱনা প্ৰতিফলিত কৰিছে ।

এই জি-২০ সন্মিলনত ২৯ জন ৰাষ্ট্ৰপ্ৰধানৰ লগতে ইউৰোপীয় ইউনিয়নৰ শীৰ্ষ বিষয়া আৰু আমন্ত্ৰণ জনোৱা দেশ আৰু ১৪ টা আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ মুৰব্বী উপস্থিত থকাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক :G20 summit : অৰ্থনৈতিক অপৰাধীসকলৰ প্ৰত্যাৰ্পণৰ বাবে জোৰ দিব ভাৰতে

ABOUT THE AUTHOR

...view details