নেশ্যনেল ডেস্ক,২৬ মে':শেহতীয়াকৈ কুনো ৰাষ্ট্ৰীয় উদ্যানৰ চিতাৰ মৃত্যুৰ পাছতে দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Cheetah death in Kuno National Park)। দেশৰ বিভিন্ন বিৰোধী দলে চৰকাৰক এই সন্দৰ্ভত সমালোচনা কৰা দেখা গৈছে । ইয়াৰ মাজতে কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে ২৯ মে'ত বিশেষ বৈঠকৰ আহ্বান জনাইছে ।
মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে শেওপুৰ জিলাৰ কুনো ৰাষ্ট্ৰীয় উদ্যানৰ ব্যৱস্থা আৰু ত্ৰুটিসমূহৰ বুজ ল'বলৈ এই বৈঠকৰ আহ্বান জনাইছে । ইয়াৰ পূৰ্বে শিৱৰাজ সিং চৌহানে শুকুৰবাৰে বন বিভাগৰ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হৈছে (Forest department Meeting on Project Cheetah)।
ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ কৰ্তৃপক্ষই 'প্ৰকল্প চিতা' নিৰীক্ষণৰ বাবে গ্লোবেল টাইগাৰ ফ'ৰামৰ সাধাৰণ সম্পাদক ড০ ৰাজেশ গোপালৰ নেতৃত্বত এখন ১১ জনীয়া চিতা প্ৰকল্প পৰিচালনা সমিতি গঠন কৰিছে (New committee formed to supervise Cheetah Project)। পৰামৰ্শ প্ৰদান কৰিবলৈ বিদেশী চিতা বিশেষজ্ঞৰ এটা পেনেলো গঠন কৰা হৈছে (Project Cheetah)। এই পৰিচালনা সমিতিক চিতা পুনৰ্সংস্থাপন সম্পৰ্কীয় বিষয়বোৰৰ ওপৰত সিদ্ধান্ত লোৱাৰ দায়িত্ব দিয়া হৈছে ।