আগৰতলা, ১০ নৱেম্বৰ: কেন্দ্ৰীয় চৰকাৰে ন্যায়াধীশ টি অমৰনাথ গৌড়ক ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাৰ্যকৰী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিছে (acting Chief Justice of Tripura High Court)। বৃহস্পতিবাৰে আইন আৰু ন্যায় বিভাগে এই সন্দৰ্ভত এক জাননী জাৰি কৰিছে ।
উক্ত জাননীখনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ তোদুপুনুৰি অমৰনাথ গৌড়ক ১১ নৱেম্বৰৰ পৰা কাৰ্যকৰী কৰি হোৱাকৈ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ কাৰ্যালয়ৰ দায়িত্ব পালন কৰিবলৈ নিৰ্দেশ দিয়ে (Justice T Amarnath Goud)। উল্লেখ্য় যে বৰ্তমানৰ মুখ্য ন্যায়াধীশ ইন্দ্ৰজিৎ মহন্তীয়ে অৱসৰ গ্ৰহণ কৰাত উক্ত স্থানত তেওঁক নিযুক্তি দিয়া হৈছে ।