আগৰতলা, 29 ডিচেম্বৰ : বাংলাদেশ চৰকাৰে শেহতীয়াকৈ নিযুক্ত কৰা সহকাৰী উচ্চায়ুক্ত মহম্মদ জোবায়েদ হোছেনে ভাৰত আৰু বাংলাদেশৰ বাণিজ্যিক সম্পৰ্কক লৈ যথেষ্ট আশাবাদী বুলি মন্তব্য কৰিছে ৷ দুয়োখন দেশৰ বাণিজ্যিক সম্পৰ্কত দেখা দিয়া বাধাসমূহ সন্দৰ্ভত বিষয়াগৰাকীয়ে মন্তব্য় কৰে ৷ মঙলবাৰে বিষয়াগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, এই সমস্যা সমাধানত ত্ৰিপুৰাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি কোৱা হৈছে আৰু ভাৰত তথা বাংলাদেশে এই সন্দৰ্ভত আলোচনাত মিলিত হোৱাৰ সম্ভাৱনা আছে ৷
ত্ৰিপুৰাত থকা বাংলাদেশৰ উচ্চায়ুক্ত কাৰ্যালয়ত নিযুক্তি পোৱা সহকাৰী উচ্চায়ুক্তগৰাকীৰ মতে, বাণিজ্যিক সম্পৰ্কত দেখা দিয়া বাধাসমূহ সন্দৰ্ভত ত্ৰিপুৰাক লৈ দুয়োখন দেশেই বাধাসমূহ আঁতৰ কৰাৰ বাবে আলোচনাত মিলিত হ’ব ৷