নেশ্যনেল ডেস্ক,২৭ মে':৩১ মে'ত ভাৰতলৈ আহিব নেপালৰ প্ৰধানমন্ত্ৰী পুষ্প কমল দাহাল ওৰফে প্ৰচণ্ড (Nepal PM Prachanda to visit India)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আমন্ত্ৰণ ৰক্ষা কৰি নেপালৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৩১ মে'ৰ পৰা ৩ জুনলৈ ৪ দিনীয়া কাৰ্যসূচীৰে ভাৰতলৈ আহিব । ২০২২ চনৰ ডিচেম্বৰত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাচত নেপালৰ প্ৰধানমন্ত্ৰীগৰাকীৰ এয়া হ'ব প্ৰথম দ্বিপাক্ষিক বিদেশ ভ্ৰমণ ।
তেওঁৰ সৈতে নেপালৰ এক শীৰ্ষ পৰ্যায়ৰ প্ৰতিনিধি দলো ভাৰতলৈ আহিব বুলি জানিব পৰা গৈছে । বৃহস্পতিবাৰে দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰে নেপালত ভাৰতৰ ৰাষ্ট্ৰদূত ড০ শংকৰ শৰ্মাক সাক্ষাৎ কৰে । দুয়োগৰাকী নেতাই আভ্যন্তৰীণ আৰু বহুমুখী অংশীদাৰিত্বৰ বিষয়ে আলোচনা কৰে । ভাৰত আৰু নেপাল দুয়োখন ৰাষ্ট্ৰই অনাগত দিনত অংশীদাৰিত্ব অধিক বৃদ্ধিৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ ।
প্ৰধানমন্ত্ৰীয়ে ফেডাৰেচন অৱ নেপালী চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰি (FNCCI) আৰু ভাৰতীয় উদ্যোগ পৰিষদে (CII) যুটীয়াভাৱে নতুন দিল্লীত আয়োজন কৰা নেপাল-ভাৰত ব্যৱসায় সন্মিলনত ভাষণ প্ৰদান কৰিব আৰু দুয়োখন দেশৰ ব্যৱসায়িক নেতাসকলৰ সৈতে বাৰ্তালাপ কৰিব (Nepal India Business Summit 2023)।