নিউজ ডেস্ক , ২২ জানুৱাৰী :সমগ্ৰ ভাৰতত চলি আছে কৰ'ণাৰ প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া । তাৰ মাজতে ভাৰত চৰকাৰে কেইবাখনো বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ দেশলৈ প্ৰেৰণ কৰিছে কৰ'ণাৰ প্ৰতিষেধক । শেহতীয়াকৈ বাংলাদেশলৈ ২ নিযুত প্ৰতিষেধক প্ৰেৰণ কৰিছে ভাৰত চৰকাৰে । লগতে ভাৰত চৰকাৰে ১ লাখ ৫০ হাজাৰ কোভিশ্বিল্ড প্ৰতিষেধক ভূটানলৈ আৰু ১ লাখ মালদ্বীপলৈ প্ৰেৰণ কৰিছে ।
বিশেষ কাৰ্যসূচীৰ জৰিয়তে এক নিযুত কোভিশ্বিল্ড প্ৰতিষেধক চুবুৰীয়া দেশ নেপাললৈও প্ৰেৰণ কৰিছে ভাৰত চৰকাৰে । ইয়াৰ পাছতে ভাৰত চৰকাৰৰ এই মহান পদক্ষেপক কৃতজ্ঞতা জ্ঞাপন কৰিছে নেপালৰ প্ৰধানমন্ত্ৰী কে পি অ'লীয়ে । নেপালক এই জটিল পৰিস্থিতিৰ মাজতে ভাৰত চৰকাৰে প্ৰতিষেধক প্ৰদান কৰাৰ বাবে টুইট যোগে নৰেন্দ্ৰ মোডী, ভাৰত চৰকাৰ লগতে ভাৰতবাসীক ধন্য়বাদ জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী অ'লীয়ে ।