নেশ্যনেল ডেস্ক, ২৯ মে':নেপালত সন্ধানহীন বিমান (Tara Air 9 NAET Aircraft went missing)। দেওবাৰে পুৱাৰে পৰা দুটা ইঞ্জিনযুক্ত বিমানখনৰ সৈতে সংযোগ বিচ্ছিন্ন হোৱাৰ তথ্য পোৱা গৈছে । চাৰিগৰাকী ভাৰতীয় নাগৰিকসহ ১৯ গৰাকী যাত্ৰী আছিল Tara Airৰ 9 NAET বিমানখনত (Tara Air flight including 4 Indians has gone missing)। বিমানখনে পোখৰাৰ পৰা জোমচোমলৈ উৰা মাৰিছিল ।
বিমানখনে উৰা মৰাৰ পাছত ১৫ মিনিট মানৰ ভিতৰতে সংযোগ বিচ্ছিন্ন হৈ পৰে । খবৰ অনুসৰি প্ৰায় ৬ ঘণ্টাৰ অন্তত বিমানখন মুস্তাঙৰ কোৱাঙত উদ্ধাৰ হৈছে (Missing aircraft Found at Kowang in Mustang)। অৱশ্যে ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ মুৰব্বীৰ মতে, বিমানখনৰ স্থিতি এতিয়াও জানিব পৰা হোৱা নাই । কৰ্মচাৰীসহ ২২ গৰাকী যাত্ৰীৰ বিমানখন সন্ধানহীন হোৱাৰ লগে লগে চাঞ্চল্যৰ সৃষ্টি হৈছে ।
সেনাৰ মুখপাত্ৰ নাৰায়ণ চিলৱালৰ মতে, একাংশ স্থানীয় লোকে জনাইছে যে মানাপতি হিমালৰ লামচে নদীত তাৰা এয়াৰ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছে । এই খবৰ পোৱাৰ পাছতে নেপাল সেনা সেই স্থানলৈ অগ্ৰসৰ হৈছে । বিমানখনত থকা মুঠ ২২ গৰাকী লোকৰ ভিতৰত চাৰি ভাৰতীয়ৰ উপৰিও তিনিগৰাকী জাপানী নাগৰিক, দুগৰাকী জাৰ্মান আৰু ১৩ গৰাকী নেপালী আছিল । তিনিগৰাকী ক্ৰু সদস্য আছিল বিমানখনত ।
বিমানবন্দৰৰ বিষয়াসকলে জনোৱা মতে, বিমানখন উৰা মৰাৰ অলপ পিছতে লেট পাছ অঞ্চলত অন্তিমবাৰৰ বাবে বিমানখনৰ সৈতে যোগাযোগ হৈছিল । জোমচোমৰ ঘাচা অঞ্চলত হোৱা এক প্ৰচণ্ড শব্দৰ বিষয়ে বিষয়াসকলক জনোৱা হৈছে । বিষয়টো বিবেচনা কৰি গৃহ মন্ত্ৰালয়ে সন্ধানহীন বিমানৰ সন্ধানৰ বাবে মুস্তাং আৰু পোখৰাৰ পৰা দুখন ব্যক্তিগত হেলিকপ্টাৰ মোতায়েন কৰিছে ।