নেশ্যনেল ডেস্ক, 30 মে’নেপালত দুৰ্ঘটনাগ্ৰস্ত হোৱা Tara Air 9 NAET বিমানখনৰ অৱশিষ্ট উদ্ধাৰ নেপাল সেনাৰ ৷ সোমবাৰে সেনাৰ মুখপাত্ৰ ব্ৰিগেডিয়াৰ জেনেৰেল নাৰায়ণ চিলৱালে জনোৱা অনুসৰি নেপাল সৈন্যৰ এটা দল দুৰ্ঘটনাস্থলীত উপস্থিত হ'বলৈ (Tara Airlines plane crash site) সক্ষম হৈছে ৷ বিমানখনত তিনিজন নেপালী কৰ্মচাৰীৰ উপৰিও চাৰিগৰাকী ভাৰতীয় নাগৰিক, দুগৰাকী জাৰ্মান আৰু ১৩ গৰাকী নেপালী যাত্ৰী আছিল ।
ব্ৰিগেডিয়াৰ জেনেৰেল চিলৱালে টুইটাৰযোগে কয় যে অনুসন্ধান আৰু উদ্ধাৰকাৰী এটা দলে দুৰ্ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনা পৰ্যবেক্ষণ কৰে ৷ দেওবাৰে পুৱাৰে পৰা দুটা ইঞ্জিনযুক্ত বিমানখন পোখৰাৰ পৰা উৰা মৰাৰ কেইমিনিটমান পিছতে বিমানখনৰ সৈতে সংযোগ বিচ্ছিন্ন হোৱাৰ তথ্য পোৱা গৈছিল ৷ কাঠমাণ্ডুৰ পৰা প্ৰায় ২০০ কিলোমিটাৰ পূবত পোখৰাৰ পৰা পুৱা ১০:১৫ বজাত উৰা মাৰিব লগা তাৰা এয়াৰৰ বিমানখনৰ অৱস্থা এতিয়ালৈকে অজ্ঞাত, নেপালৰ অসামৰিক বিমান পৰিবহন কৰ্তৃপক্ষই এক বিবৃতিত জনায়।