নিউজ ডেস্ক , 9 অক্টোবৰ :নগা ৰাজনৈতিক সমস্যাৰ(Naga political issue) আগতীয়া নিষ্পত্তিৰ প্ৰচেষ্টাৰ সন্দৰ্ভত সম্প্ৰতি দিল্লীত শিবিৰ পাতি থকা কেন্দ্ৰীয় নেতা তথা নগা ৰাজনৈতিক গোটসমূহৰ(Naga Political Groups) সৈতে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ'ই(Nagaland chief minister Neiphiu Rio) শীঘ্ৰে বৈঠকত ভাগ লোৱাৰ সম্ভাৱনা আছে ৷ প্ৰাপ্ত খবৰ অনুসৰি, বোকাজানৰ পৰা ডিমাপুৰত উপস্থিত হ'বলগীয়া মন্ত্ৰী D. Chauhanৰ সৈতে এক চমু বৈঠকৰ পাচতে শনিবাৰে ৰিঅ' দিল্লীলৈ ৰাওনা হ'ব ৷
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও এনপিজি আৰু কেন্দ্ৰীয় নেতাসকলৰ সৈতে এখন preparatory meetingৰ বাবে ৰিঅ'ক যোগদান কৰাৰ সম্ভাৱনা আছে ৷ সম্প্ৰতি, ato kilonser ৰ নেতৃত্বত NSCN (I-M)ৰ শীৰ্ষ নেতাসকলৰ লগতে N. Kitovi Zhimomi নেতৃত্বত WC/NNPGs এ কেন্দ্ৰৰ প্ৰতিনিধি AK Mishra ৰ সৈতে আলোচনা অব্যাহত ৰাখিছে ৷ মিশ্ৰৰ সৈতে আলোচনাৰ অন্তত Niki Sumi নেতৃত্বাধীন NSCN (K)ৰ সদস্যসকল ইতিমধ্যে ডিমাপুৰলৈ উভটি আহিছে বুলি জানিব পৰা গৈছে ৷