অসম

assam

ETV Bharat / bharat

Nehru Memorial museum: নেহৰুৰ নাম আঁতৰাই তিনি মূৰ্তি ভৱনক দিয়া হ’ল নতুন নাম; কংগ্ৰেছৰ আক্ষেপ

কেন্দ্ৰীয় চৰকাৰে চলিত বৰ্ষৰ জুন মাহত নেহৰু স্মাৰকৰ নাম সলনি কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছিল । 77 সংখ্যক স্বাধীনতা দিৱসৰ ক্ষণত নেহৰু স্মাৰকৰ নাম দিয়া হ’ল প্ৰধানমন্ত্ৰী সংগ্ৰহালয় আৰু পুথিভঁৰাল ৷ কংগ্ৰেছ দলৰ সমালোচনা ৷

pm museum
Nehru Memorial museum

By

Published : Aug 16, 2023, 9:29 AM IST

নেশ্যনেল ডেস্ক, 16 আগষ্ট:অতীত হ’লনেহৰু স্মাৰক সংগ্ৰহালয় আৰু পুথিভঁৰালৰ নাম ৷14 আগষ্টৰ পৰা কাৰ্যকৰী হোৱাকৈ আনুষ্ঠানিকভাৱে প্ৰধানমন্ত্ৰী সংগ্ৰহালয় আৰু পুথিভঁৰাল নামাকৰণ কৰা হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৰ নামত স্থাপিত হোৱা ‘‘তিন মূৰ্তি ভৱন’’ৰ নাম । মঙলবাৰে এগৰাকী জ্যেষ্ঠ বিষয়াই জনায় এই বিষয়ে ।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ (পূৰ্বৰ টুইটাৰ)ত প্ৰধানমন্ত্ৰী সংগ্ৰহালয় আৰু পুথিভঁৰালৰ কাৰ্যনিৰ্বাহক পৰিষদৰ উপাধ্যক্ষই কয় যে, ‘‘গণতান্ত্ৰিকৰণ আৰু বৈচিত্ৰ্যৰ সৈতে সংগতি ৰাখি এন এম এম এলৰ নাম এতিয়া প্ৰধানমন্ত্ৰী সংগ্ৰহালয় আৰু পুথিভঁৰাললৈ (পি এম এম এল) নাম সলনি কৰা হৈছে ।’’

পোষ্টটোত সংগ্ৰহালয় আৰু পুথিভঁৰাল অৰ্থাৎ তিন মূৰ্তি ভৱনৰ এখন ছবিও শ্বেয়াৰ কৰা হৈছে । জুন মাহৰ মাজভাগত এন এম এম এল ছ’চাইটিৰ বিশেষ বৈঠকত ইয়াৰ নাম সলনি কৰি পি এম এম এল ছ’চাইটিৰ অনুমতি প্ৰদান কৰা হয় । বিষয়টোত কংগ্ৰেছে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । উল্লেখ কৰা প্ৰয়োজন যে, টিন মূৰ্তি ভৱন আছিল ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ চৰকাৰী বাসগৃহ ।

সূত্ৰসমূহে জনোৱা মতে, নতুন নামটোক আনুষ্ঠানিকভাৱে মোহৰ লগাবলৈ কিছু প্ৰশাসনিক পদ্ধতিৰ প্ৰয়োজন হৈছিল আৰু কেইদিনমান পূৰ্বে সম্পন্ন হৈছিল এই কাম । তথ্য অনুসৰি চলিত বৰ্ষৰ 2023 চনৰ জুন মাহত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত এখন বৈঠকত নেহৰু স্মাৰক স্মৃতিসৌধৰ নাম সলনি কৰাৰ সিদ্ধান্ত লোৱা হৈছিল । সংবাদ মাধ্যমৰ খবৰ অনুসৰি জুন মাহৰ পৰা আৰম্ভ হোৱা এই প্ৰক্ৰিয়া স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি ইয়াৰ আগে আগে সম্পূৰ্ণ কৰা হৈছে । উল্লেখ কৰা প্ৰয়োজন যে, প্ৰধানমন্ত্ৰী মোদীৰ প্ৰাক্তন মুখ্য সচিব নৃপেন্দ্ৰ মিশ্ৰ এই স্মৃতিসৌধ আৰু সংগ্ৰহালয়ৰ কাৰ্যবাহী পৰিষদৰ অধ্যক্ষ ।

প্ৰধানমন্ত্ৰী মোদীয়ে 2016 চনত টিন মূৰ্তিত ভাৰতৰ সকলো প্ৰধানমন্ত্ৰীৰ বাবে উৎসৰ্গিত সংগ্ৰহালয় স্থাপনৰ বাবে প্ৰস্তাৱ আগবঢ়াইছিল । 2016 চনৰ নৱেম্বৰ মাহত কাৰ্যনিৰ্বাহক পৰিষদৰ বৈঠকত এই সিদ্ধান্তৰ প্ৰতি অনুমোদন জনাইছিল । প্ৰকল্পটো সম্পূৰ্ণ হৈছে আৰু 14 আগষ্টৰ দিনা সংগ্ৰহালয়টো সাধাৰণ জনতাৰ বাবে মুকলি কৰা হৈছে ।

লগতে পঢ়ক: Living together relationships: বিবাহৰ পূৰ্বে একেলগে থকা সম্পৰ্কতো প্ৰযোজ্য হ’ব ঘৰুৱা হিংসা আইন; কেৰালা উচ্চ ন্যায়ালয়

ABOUT THE AUTHOR

...view details