নেশ্যনেল ডেস্ক, 12 ছেপ্তেম্বৰ :দেশজুৰিপৰীক্ষা স্থগিত ৰখাৰ বাবে জনোৱা দাবীৰ পাচত আজি অনুষ্ঠিত হ'ব এনইইটি-ইউজি (NEET-UG) পৰীক্ষা ৷স্নাতক চিকিৎসা পাঠ্যক্ৰমৰ বাবে সমগ্ৰ দেশ আৰু বিদেশৰ 202 খন চহৰত অৱস্থিত বিভিন্ন কেন্দ্ৰত 12 ছেপ্তেম্বৰত আবেলি 2 বজাৰ পৰা সন্ধিয়া 5 বজাৰ ভিতৰত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় যোগ্যতা তথা প্ৰৱেশ পৰীক্ষা(NEET 2021) ৷ দেওবাৰে 2 বজাৰ পৰা আৰম্ভ হ'বলগীয়া এই পৰীক্ষাৰ বাবে মুঠ 16.1 লাখ শিক্ষাৰ্থীয়ে পঞ্জীয়ন কৰিছে ৷
অন্তিম reporting time ৰ দুঘণ্টা পূৰ্বে ছাত্ৰ-ছাত্ৰীসকল পৰীক্ষাকেন্দ্ৰত উপস্থিত হ'ব লাগিব বুলি জানিব পৰা গৈছে ৷ ছাত্ৰ-ছাত্ৰীসকলে NTA ৱেবছাইটৰ পৰা ডাউনলোড কৰা এডমিট কাৰ্ডৰ এটা মুদ্ৰিত প্ৰতিলিপি, আবেদন প্ৰ-পত্ৰৰ দৰে দুখন পাছপোৰ্ট আকাৰৰ ফটোগ্ৰাফ, যিকোনো পৰিচয় পত্ৰ, প্ৰয়োজন হ'লে পিডব্লিউবিডি প্ৰমাণপত্ৰ(PwBD certificate) আদি প্ৰদৰ্শন কৰিব লাগিব ৷
লগতে পঢ়ক :NEET-UG পৰীক্ষা সন্দৰ্ভত চৰকাৰক কিয় সমালোচনা কৰিলে শচী থাৰুৰে ?
উল্লেখ্য যে, ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা(National Testing Agency)ই কোভিড সম্পৰ্কীয় নিৰ্দেশনাও জাৰি কৰিছে । সেই অনুসৰি ছাত্ৰ-ছাত্ৰীসকলক N95 মাস্ক প্ৰদান কৰা হ'ব ৷ ইয়াৰ লগতে তেওঁলোকক লগত হেণ্ড চেনিটাইজাৰ অনাৰ বাবে অনুমতি প্ৰদান কৰা হৈছে ৷ অৱশ্যে পাঠ্য সামগ্ৰী, কাগজৰ টুকুৰা, জ্যামিতি, পেঞ্চিলৰ দৰে যিকোনো বস্তু আৰু ইলেক্ট্ৰনিক পেন, স্কেনাৰ আদি পৰীক্ষা কেন্দ্ৰলৈ নিব নোৱাৰিব ৷
ইয়াৰ লগতে ম'বাইল ফোন, ব্লুটুথ, ইয়াৰফোনৰ দৰে সামগ্ৰীসমূহো পৰীক্ষাকেন্দ্ৰলৈ নিয়াৰ বাবে অনুমতি নাই ৷ ৱালেট, গগলচ, হেণ্ডবেগ, বেল্ট, কেপ, ঘড়ী, ব্ৰেচলেট, কেমেৰা, অলংকাৰ বা অন্যান্য ধাতৱ সামগ্ৰীৰ লগতে খোলা বা পেক কৰা খাদ্য সামগ্ৰীৰ দৰে অন্যান্য সামগ্ৰী আদি নিয়াৰ বাবেও কোনো অনুমতি দিয়া নাই ৷