ETV Bharat Assam

অসম

assam

ETV Bharat / bharat

Neeraj Chopra World Ranking : বিশ্ব ৰেংকিঙত শীৰ্ষস্থান দখল নীৰজ চোপ্ৰাৰ - Neeraj Chopra world Javelin Throw Ranking

অলিম্পিক চেম্পিয়ন নীৰজ চোপ্ৰাই অতিক্ৰম কৰিলে গ্ৰেনাডাৰ এণ্ডাৰছন পিটাৰ্ছক । প্ৰথমবাৰৰ বাবে জেভলিন থ্ৰ'ৰ বিশ্ব ৰেংকিঙত শীৰ্ষস্থানত জিলিকিল নীৰজ চোপ্ৰা (Neeraj Chopra in World 1st ranking) ।

Neeraj Chopra World Ranking
Neeraj Chopra World Ranking
author img

By

Published : May 23, 2023, 4:10 PM IST

স্প'ৰ্টছ ডেস্ক, ২৩ মে' :টকিঅ' অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী ভাৰতীয় এথলিট নীৰজ চোপ্ৰাই পুনৰবাৰ দেশক গৌৰৱান্বিত কৰিলে (Javelin Thrower Neeraj Chopra) । সোমবাৰে বিশ্ব এথলেটিক্স সংস্থাই জেভেলিন থ্ৰ'ৰ ৰেংকিং প্ৰকাশ কৰে (World Athletics Mens Javelin Throw Rankings) । এই ৰেংকিঙত নীৰজ চোপ্ৰাই শীৰ্ষস্থান লাভ কৰিছে । উল্লেখ্য যে নীৰজে নিজৰ কেৰিয়াৰত প্ৰথমবাৰৰ বাবে জেভলিন থ্ৰ' ৰেংকিঙত বিশ্বৰ এক নম্বৰ খেলুৱৈ হিচাপে পৰিগণিত হৈছে (Neeraj Chopra in World 1st ranking) । নীৰজ চোপ্ৰাই ১৪৫৫ পইণ্টেৰে গ্ৰেনাডাৰ এণ্ডাৰছন পিটাৰ্ছক চেৰ পেলাই শীৰ্ষস্থান দখল কৰে । আনহাতে, পিটাৰ্ছ নীৰজতকৈ ২২ পইণ্ট পিছপৰি ৰয় । ইয়াৰ পূৰ্বে ২০২২ চনৰ ৩০ আগষ্টৰ পৰা তেওঁ ২ নম্বৰ স্থানত আছিল । কিন্তু চলিত সপ্তাহত তেওঁ বৰ্তমানৰ বিশ্ব চেম্পিয়ন পিটাৰ্ছক অতিক্ৰম কৰে (Neeraj Chopra world Javelin Throw Ranking) ।

আনহাতে, টকিঅ' অলিম্পিকত ৰূপৰ পদক অৰ্জন কৰা চেক গণৰাজ্যৰ জেকব ভাডলেজচে ১৪১৬ পইণ্ট লাভ কৰি তৃতীয় স্থানত আছে । ২৫ বছৰীয়া নীৰজ চোপ্ৰাই যোৱা বছৰ ৩০ আগষ্টত বিশ্ব ৰেংকিঙত দ্বিতীয় স্থানলৈ উন্নীত হৈছিল । কিন্তু তেতিয়াৰে পৰা পিটাৰ্ছক পৰাস্ত কৰিবলৈ সক্ষম হোৱা নাছিল । ইয়াৰ লগতে জাৰ্মানীৰ জুলিয়ান ৱেবাৰে ১৩৮৫ পইণ্টেৰে চতুৰ্থ আৰু পাকিস্তানৰ আৰ্শাদ নাদিমে ১৩০৬ পইণ্টেৰে পঞ্চম স্থানত আছে । উল্লেখ্য যে ৰেংকিঙত ১ নম্বৰ স্থান দখলৰ পিছত নীৰজ চোপ্ৰাৰ উৎসাহ আৰু মনোবল বৃদ্ধি পাব আৰু তাৰ প্ৰতিফলন তেওঁৰ প্ৰদৰ্শনত পৰিব বুলি আশা কৰা হৈছে (Olympic champion Neeraj Chopra) ।

উল্লেখ্য, নীৰজ চোপ্ৰাই ৪ জুনত নেডাৰলেণ্ডত অনুষ্ঠিত হ'বলগীয়া এফবিকে গেমছ, ২০২৩-ত প্ৰতিদ্বন্দ্বিতা কৰিব । তেওঁ ১৩ জুনত ফিনলেণ্ডৰ তুৰ্কুত অনুষ্ঠিত পাভো নুৰ্মি গেমছ, ২০২৩-ত অংশগ্ৰহণৰ কথাও নিশ্চিত কৰিছে । হাৰিয়ানাৰ এইগৰাকী ২৫ বছৰীয়া ক্ৰীড়াবিদে ২০২২ চনৰ ছেপ্টেম্বৰৰ পৰা উৎকৃষ্ট প্ৰদৰ্শনৰ ভিত্তিত ৰেংকিঙৰ শীৰ্ষত উপনীত হৈছে । উক্ত সময়ছোৱাত নীৰজ চোপ্ৰাই জুৰিখত অনুষ্ঠিত ডায়মণ্ড লীগ, 2022 জয় কৰে । উল্লেখ্য যে অতি সন্মানীয় ডায়মণ্ড লীগ ট্ৰফী জয় কৰা প্ৰথম ভাৰতীয় খেলুৱৈ হৈছে নীৰজ চোপ্ৰা । অৱশ্যে জুৰিখত জয়লাভ কৰাৰ পিছত আঘাতৰ বাবে তেওঁ খেলপথাৰৰ পৰা বাহিৰ থাকিবলগা হয় ।

পুৰুষৰ জেভলিন থ্ৰ'ত ভাৰতীয় ৰাষ্ট্ৰীয় অভিলেখ গঢ়া চোপ্ৰাই চলিত বৰ্ষৰ ৫ মে'ত ছিজনটোৰ প্ৰথমখন টুৰ্ণামেণ্ট ডোহা ডায়মণ্ড লীগত প্ৰত্যাৱৰ্তন কৰে । প্ৰত্যাৱৰ্তনতে তেওঁ ৮৮.৬৭ মিটাৰ থ্ৰ'ৰে প্ৰথম স্থান লাভ কৰে । আনহাতে, ডোহাৰ এই প্ৰতিযোগিতাত এণ্ডাৰছন পিটাৰ্ছে ৮৫.৮৮ মিটাৰ দলিয়াই তৃতীয় স্থান লাভ কৰে । ইফালে নীৰজ চোপ্ৰাৰ ৰেংকিঙৰ শীৰ্ষস্থানলৈ এই উত্থান অহা বছৰ অনুষ্ঠিত হ'বলগীয়া পেৰিছ অলিম্পিকৰ পূৰ্বে এক সুন্দৰ লক্ষণ হিচাপে বিবেচিত হৈছে । ইয়াৰ উপৰি এই ৰেংকিঙত ২০ নম্বৰ স্থানৰ ভিতৰত স্থান লাভ কৰিছে আন দুগৰাকী ভাৰতীয়ই । বিশ্বৰ ১৫ নম্বৰ স্থানত ৰোহিত যাদৱ আৰু ১৭ নম্বৰ স্থান দখল কৰিছে ডিপি মনুৱে । আনহাতে, পুৰুষৰ ৩০০০ মিটাৰ ষ্টিপলচেজত ভাৰতৰ অবিনাশ চেবল শীৰ্ষ ২০-ৰ ভিতৰত আছে । মৰক্কোৰ ছৌফিয়ান এল বাক্কালি ১২৮৬ পইণ্টেৰে ৰেংকিঙত ১৪ নম্বৰ স্থানত আছে ।

বিশ্ব এথলেটিকছৰ জেভলিন থ্ৰ'ৰ শেহতীয়া ৰেংকিং তালিকা

নীৰজ ডোপ্ৰা ভাৰত ১৪৫৫ পইণ্ট
এণ্ডাৰচন পিটাৰ্ছ গ্ৰেনাডা ১৪৩৩ পইণ্ট
জেকব বডলেজচ চেক গণৰাজ্য ১৪১৬ পইণ্ট
জুলিয়ান বেবাৰ জাৰ্মানী ১৩৮৫ পইণ্ট
আৰ্শাদ নাদিম পাকিস্তান ১৩০৬ পইণ্ট

লগতে পঢ়ক :PM Modi in Australia : অষ্ট্ৰেলিয়াত প্ৰধানমন্ত্ৰী মোডীক উষ্ম আদৰণি

ABOUT THE AUTHOR

...view details