অসম

assam

By

Published : May 21, 2023, 8:13 PM IST

ETV Bharat / bharat

Modi in G7 Summit in Japan: ইউক্ৰেইনৰ পৰিস্থিতি মানৱীয় সংকটৰ বিষয়; জাপানত প্ৰধানমন্ত্ৰী মোডী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে জি-৭ সন্মিলনৰ এক অধিবেশনত ভাষণ প্ৰদান কৰি কয়, "আজি ইউক্ৰেইন কেৱল ৰাজনীতি বা অৰ্থনীতিৰ বিষয় নহয় (Modi in G7 Summit in Japan) । ই হৈছে মানৱতাৰ ওপৰত সংকটৰ বিষয় ।" আনহাতে, ৰাছিয়াৰ নাম উল্লেখ নকৰাকৈ তেওঁ কয় যে, বৰ্তমান বিশ্বৰ দেশসমূহে স্থিতি সলনি কৰাৰ একপক্ষীয় প্ৰচেষ্টাৰ বিৰুদ্ধে একেলগে মাত মাতিব লাগিব ।

Modi in G7 Summit in Japan
Modi in G7 Summit in Japan

নিউজ ডেস্ক, ২১ মে' : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে কয় যে, তেওঁ ইউক্ৰেইনৰ সাম্প্ৰতিক পৰিস্থিতিক কেৱল ৰাজনীতি বা অৰ্থনীতি নহয়, মানৱতা আৰু মানৱীয় মূল্যবোধৰ বিষয় হিচাপে বিবেচনা কৰে (Modi on Ukraine situation in Japan) । তেওঁ কয় যে, সংঘাত সমাধানৰ একমাত্ৰ উপায় হৈছে আলোচনা আৰু কূটনীতি ।

জি-৭ সন্মিলনত ভাষণ প্ৰদান কৰি মোডীয়ে কয় যে, সকলো দেশে ৰাষ্ট্ৰসংঘৰ চনদ, আন্তঃৰাষ্ট্ৰীয় আইন আৰু ইজনে সিজনৰ সাৰ্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতাক সন্মান জনোৱা উচিত (PM Modi in G7 summit in Japan) ।

স্থিতি সলনি কৰাৰ একপক্ষীয় প্ৰচেষ্টাৰ বিৰুদ্ধে ঐক্যবদ্ধ কণ্ঠৰো তেওঁ আহ্বান জনায় । উল্লেখ্য যে, প্ৰধানমন্ত্ৰীৰ এই গুৰুত্বপূৰ্ণ মন্তব্য ইউক্ৰেইনত চলি থকা ৰাছিয়াৰ যুদ্ধ আৰু পূব লাডাখত চীনৰ সৈতে চলি থকা সীমান্ত সংঘাতৰ পৰিপ্ৰেক্ষিতত আহিছে (group of seven summit in Hiroshima Japan) ।

আনহাতে, মোডীয়ে গৌতম বুদ্ধকো স্মৰণ কৰি কয় যে আধুনিক যুগত কোনো সমস্যা নাই, যিটো তেওঁ দিয়া শিক্ষাৰ দ্বাৰা সমাধান কৰিব নোৱাৰি । উল্লেখ্য, প্ৰধানমন্ত্ৰীয়ে শনিবাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ সৈতে হোৱা আলোচনাৰ কথাও উল্লেখ কৰে (Modi meet Volodymyr Zelenskyy in Japan) ।

"আজি মই ৰাষ্ট্ৰপতি জেলেনস্কিৰ কথা শুনিছোঁ । মই তেওঁক কালিও লগ পাইছিলোঁ । মই সাম্প্ৰতিক পৰিস্থিতিক ৰাজনৈতিক বা অৰ্থনৈতিক বিষয় হিচাপে বিবেচনা নকৰোঁ । মই বিশ্বাস কৰোঁ যে, এইটো মানৱতা তথা মানৱীয় মূল্যবোধৰ এটা বিষয় ।" মোডীয়ে কয় । তেওঁ লগতে কয়, "আমি আৰম্ভণিৰে পৰাই কৈ আহিছোঁ যে, আলোচনা আৰু কূটনীতি হৈছে সমস্যাৰ সমাধান বিচাৰি উলিওৱাৰ একমাত্ৰ উপায় । আমি এই পৰিস্থিতিৰ অৱসান ঘটাবলৈ যিমান পাৰি সিমান কাম কৰিম । ভাৰতে যি কৰিব পাৰে সেয়া কৰিব (PM Narendra Modi Japan visit) ।"

আনহাতে, প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে সদায় বিশ্বাস কৰি আহিছে যে যিকোনো উত্তেজনা, যিকোনো বিবাদ আলোচনাৰ জৰিয়তে শান্তিপূৰ্ণভাৱে সমাধান কৰিব লাগে । তেওঁ কয় যে, সাম্প্ৰতিক গোলকীয় পৰিস্থিতিত উন্নয়নশীল দেশসমূহত খাদ্য, ইন্ধন আৰু সাৰৰ সংকটৰ আটাইতকৈ ডাঙৰ প্ৰভাৱ অনুভৱ কৰা হৈছে । প্ৰধানমন্ত্ৰী মোডীয়ে কয়, "বিশ্বজুৰি শান্তি স্থাপন, স্থিৰতা আৰু সমৃদ্ধি হৈছে আমাৰ অন্যতম উদ্দেশ্য ।"

মোডীয়ে লগতে কয় যে, আজিৰ আন্তঃসংযোগযুক্ত পৃথিৱীত যিকোনো অঞ্চলৰ উত্তেজনাই সকলো দেশৰ ওপৰত প্ৰভাৱ পেলায় । সীমিত সম্পদ থকা উন্নয়নশীল দেশবোৰ আটাইতকৈ বেছি প্ৰভাৱিত হয় । প্ৰধানমন্ত্ৰীয়ে কয় যে, সাম্প্ৰতিক বিশ্বজুৰি সৃষ্টি হোৱা পৰিস্থিতিৰ বাবে উন্নয়নশীল দেশসমূহে খাদ্য, ইন্ধন আৰু সাৰৰ সংকটৰ বাবে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে ।

লগতে পঢ়ক :PM Modi Meet With Zelenskyy : জেলেনস্কিক বিবাদ সমাধানৰ আশ্বাস মোডীৰ

ABOUT THE AUTHOR

...view details