তেজপুৰ, ১২ ছেপ্টেম্বৰ :দেশৰ প্ৰতিৰক্ষা ক্ষেত্ৰত মঙলবাৰৰ দিনটো হৈছে এক উল্লেখনীয় দিন । প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মঙলবাৰে জম্মুৰ পৰা ভাৰ্চুৱেলী ২,৯৪১ কোটি টকা ব্যয়সাপেক্ষ ৯০ টা আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন কৰি ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে । যোৱা বছৰ ২,৮৯৭ কোটি টকা ব্যয়েৰে সীমান্ত পথ নিৰ্মাণ সংস্থা চমুকৈ বিআৰঅ’ৰ ১০৩ টা আন্তঃগাঁথনি প্ৰকল্প ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰা হৈছিল । ২০২১ চনত মুঠ ২,২২৯ কোটি টকা ব্যয়সাপেক্ষে ১০২ টা বিআৰঅ’ আন্তঃগাঁথনি প্ৰকল্প ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰা হৈছিল ।
জম্মু-কাশ্মীৰৰ বিষ্ণাহ-কৌলপুৰ-ফুলপুৰ পথৰ দেৱক দলঙত বিআৰঅ'ৰ উদ্যোগত আয়োজিত এক অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মঙলবাৰে অৰুণাচল প্ৰদেশৰ ২২ টা পথ, ৬৩ খন দলং, নেচিফু সুৰংগ, ২ টা বিমানবন্দৰ উদ্বোধনৰ লগতে পশ্চিমবংগত দুটা হেলিপেড উদ্বোধন কৰা হয় । এই আন্তঃগাঁথনি প্ৰকল্পসমূহ প্ৰত্যাহ্বানমূলক বতৰৰ পৰিস্থিতিতো বেছিভাগ দুৰ্গম ভূখণ্ডৰ স্থানত নিৰ্মাণ কৰা হৈছে ।
উল্লেখযোগ্য যে বিআৰঅ’ৱে এই জটিল কৌশলগত প্ৰকল্পসমূহৰ নিৰ্মাণ অভিলেখ সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰে আৰু এই প্ৰকল্পসমূহৰ বহুতো অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি একক কৰ্মকালত নিৰ্মাণ কৰা হৈছে । এই প্ৰকল্পসমূহৰ ভিতৰত জম্মু-কাশ্মীৰত ১১ টা, লাডাখত ২৬ টা, অৰুণাচল প্ৰদেশত ৩৬ টা, মিজোৰামত ৫ টা, হিমাচল প্ৰদেশত ৩ টা, ছিকিম, উত্তৰাখণ্ড আৰু পশ্চিমবংগত ২ টাকৈ আৰু নাগালেণ্ড, ৰাজস্থান আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত এটাকৈ প্ৰকল্প নিৰ্মাণ কৰা হৈছে ।
অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী সিঙে 'জম্মু-কাশ্মীৰৰ বিষ্ণাহ-কৌলপুৰ-ফুলপুৰ পথত ৪২২.৯ মিটাৰ দৈৰ্ঘ্য, ৭০ শ্ৰেণীৰ আৰচিচি দেৱক দলং' উন্মোচন কৰে । দেশৰ প্ৰতিৰক্ষা বাহিনীৰ বাবে এই দলংখন কৌশলগতভাৱে গুৰুত্বপূৰ্ণ আৰু ইয়াৰ জৰিয়তে দুৰ্গম অঞ্চলসমূহলৈ সৈন্য, গধুৰ সঁজুলি আৰু যান্ত্ৰিক বাহনসমূহ দ্ৰুততাৰে প্ৰেৰণৰ সুবিধা হ’ব । লগতে অঞ্চলটোৰ আৰ্থ-সামাজিক উন্নয়নতো সহায় কৰিব । আজিৰ দিনটোত আন এক গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি আঁচনি হৈছে অৰুণাচল প্ৰদেশৰ বালিপৰা-চাৰিদুৱাৰ-টাৱাং পথৰ ৫০০ মিটাৰ দৈৰ্ঘ্যৰ অত্যাধুনিক প্ৰযুক্তিৰ নেচিফু সুৰংগ ।