নেশ্যনেল ডেস্ক,২১ জুলাই : ধন, সোণ আদিৰ দৰে মূল্যৱান সামগ্ৰীৰ তালিকাত সোমাইছে বিলাহী ! আনকি বিলাহীৰ সুৰক্ষাৰ বাবে কিছুমানে নিৰাপত্তাৰক্ষীও নিয়োগ কৰিছে । কিন্তু তাৰ পাচতো বিলাহীক সুৰক্ষা দিয়াত ব্যৰ্থ কৃষক । এইবাৰ মহাৰাষ্ট্ৰৰ পুনেত এগৰাকী কৃষকে ৪০০ কিলোগ্ৰাম বিলাহী চুৰি হোৱাৰ অভিযোগ উত্থাপন কৰি আৰক্ষীৰ কাষ চাপিছে । কৃষকগৰাকীৰ মতে তেওঁৰ চুৰি হোৱা বিলাহীৰ মূল্য প্ৰায় ২০ হাজাৰ টকা ।
উল্লেখ্য যে বজাৰত বিলাহীৰ মূল্য বহু গুণে বৃদ্ধি হৈছে । গৃহিনীৰ পাকঘৰৰ অতি দৰকাৰী এই পাচলিৰ ৰাণীৰ মূল্য কোনো কোনো ৰাজ্যত প্ৰতি কেজিত ১০০ ৰ পৰা ২০০ টকা পৰ্যন্ত হৈছে । যাৰ বাবে বিভিন্ন ঠাইৰ পৰা বিলাহী চুৰিৰ ঘটনাও পোহৰলৈ আহিছে । পুনেৰ কৃষক অৰুণ ধোমে আৰক্ষীক অভিযোগ কৰিছে যে দেওবাৰে তেওঁ খেতিপথাৰৰ পৰা বিলাহী চপাই শ্ৰমিকৰ সহায়ত এখন বাহনত শিৰুৰ তহচিলত থকা তেওঁৰ ঘৰলৈ আনিছিল । অৰুণে বিলাহীবোৰ বজাৰত বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছিল ।