আগৰতলা,৮ ছেপ্টেম্বৰ :সোমবাৰে ত্ৰিপুৰাৰ গড়কাপ্তানী বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে সুশান্ত চৌধুৰীয়ে (PWD Minister Sushanta Chowdhury) । দায়িত্ব গ্ৰহণৰ পাছতে মঙলবাৰে স্বচ্ছ ভাৰত অভিযানৰ দ্বিতীয় পৰ্যায়ৰ শুভাৰম্ভণি সন্দৰ্ভত এক বিশেষ কৰ্মশালাত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে । এছআইপিএআৰডিত আয়োজিত এই কৰ্মশালাত স্বচ্ছ ভাৰত অভিযানৰ প্ৰথম পৰ্যায় সন্দৰ্ভত বিশেষ মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।
মন্ত্ৰীগৰাকীৰ মতে স্বচ্ছ ভাৰত অভিযানৰ প্ৰথম পৰ্যায়ত ত্ৰিপুৰাক মুঠ ২ লাখ ৯৯ হাজাৰ ৬৫৪ টা শৌচালয় আৱণ্টন দিছিল কেন্দ্ৰীয় চৰকাৰে । ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে প্ৰায় ১ লাখ ২২ হাজাৰ শৌচালয় নিৰ্মাণ সম্পূৰ্ণ হৈছে । যাৰ বাবে ত্ৰিপুৰাই অ'ডিএফৰ (Open Defecation Free) স্বীকৃতি লাভ কৰিছে ।
কিন্তু মন্ত্ৰীগৰাকীৰ মতে ত্ৰিপুৰা চৰকাৰে ইয়াতে সন্তুষ্ট থাকিলে নহ'ব । তেওঁ আশা কৰা মতে ত্ৰিপুৰাই ইয়াতকৈও ক্ষীপ্ৰতাৰে কাম কৰিব লাগিব আৰু অ'ডিএফ প্লাছৰ (ODF+) মৰ্যাদা লাভ কৰিব লাগিব ।