অসম

assam

ETV Bharat / bharat

Election Results 2023 Live Updates: তিনি ৰাজ্যৰ নিৰ্বাচনী ফলাফলৰ প্ৰতিটো শেহতীয়া খবৰ

মেঘালয়, ত্ৰিপুৰা আৰু নাগালেণ্ডত অনুষ্ঠিত হৈছে বিধানসভা নিৰ্বাচনৰ ভোটগণনা ৷ বৰ্তমানলৈকে দুখন ৰাজ্যত বিজেপি আৰু বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠন হোৱাতো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে ৷ ত্ৰিপুৰাত যোৱা 16 ফেব্ৰুৱাৰীত আৰু মেঘালয়, নাগালেণ্ডত 27 ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিল নিৰ্বাচন (Election results updates) ৷

Election results updates
Election Results 2023 Live Updates

By

Published : Mar 2, 2023, 3:47 PM IST

নিউজ ডেস্ক, 2 মাৰ্চ: আজি উত্তৰ-পূবৰ তিনিখন ৰাজ্য ক্ৰমে নাগালেণ্ড, ত্ৰিপুৰা আৰু মেঘালয়ত অনুষ্ঠিত হৈছে বিধানসভা নিৰ্বাচনৰ ভোটগণনা ৷ বৰ্তমানলৈকে ওলোৱা ফলাফলত দেখা গৈছে যে, নাগালেণ্ড আৰু ত্ৰিপুৰাত বিজেপিয়ে চৰকাৰ গঠনৰ সম্ভাৱনা প্ৰায় প্ৰকট হৈ পৰিছে ৷ মেঘালয়ত শাসনাধিষ্ঠিত নেচনেল পিপলচ্ পাৰ্টী আগবাঢ়ি আছে (Election results updates) ৷ তিনি ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ শেহতীয়া খবৰসমূহ চাওঁ আহক-

ত্ৰিপুৰাত বিজেপিয়ে বৰ্তমানলৈকে 34 খন আসনত আগবাঢ়ি আছে ৷ চিপিআই(এম) আৰু কংগ্ৰেছ মিত্ৰজোঁট আগবাঢ়ি আছে 14 খন আসনত ৷ সমীক্ষাই কিং মেকাৰ হ’ব পাৰে বুলি কৈ থকা নতুন ৰাজনৈতিক দল টিপ্ৰা মঠা দল আগবাঢ়ি আছে 12 খন আসনত ৷ যদি আগবাঢ়ি থকা আটাইকেইখন আসনতে বিজেপিয়ে জয় লাভ কৰে, তেন্তে এক সংখ্যাগৰিষ্ঠ দল হিচাবে পৰিগণিত হ’ব ৷ 60 খন আসনযুক্ত ত্ৰিপুৰা বিধানসভাত এটা দলক প্ৰয়োজন হোৱা মেজিক নম্বৰ হৈছে 31 ৷ অৱশ্যে 2018 চনৰ নিৰ্বাচনত বিজেপিয়ে ৰাজ্যখনত লাভ কৰিছিল 36 খন আসন (Election Results 2023 Live Updates) ৷

নাগালেণ্ডত বৰ্তমানলৈকে বিজেপি মিত্ৰজোঁট আগবাঢ়ি আছে 36 খন আসনত ৷ এন পি এফ দল আগবাঢ়ি আছে 2 খন আসনত আৰু অন্যান্য তথা নিৰ্দলীয় প্ৰাৰ্থী আগবাঢ়ি আছে 22 খন আসনত ৷ মেঘালয়ত কনডৰাড চাংমাৰ নেচনেল পিপলচ্ পাৰ্টী আগবাঢ়ি আছে 25 খন আসনত ৷ বিজেপি আগবাঢ়ি আছে 3 খন আসনত ৷ একেদৰে কংগ্ৰেছ 5 খনত, তৃণমূল কংগ্ৰেছ 5 খনত আৰু অন্যান্য তথা নিৰ্দলীয় প্ৰাৰ্থী আগবাঢ়ি আছে 21খন আসনত (NE states poll result updates) ৷

লগতে পঢ়ক:Upcoming Lok Sabha election: অনিশ্চয়তাৰ মাজতে লোকসভা নিৰ্বাচনক লৈ তৎপৰ অগপ

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই দক্ষিণ তুৰা সমষ্টিত জয়লাভ কৰিছে ৷ একেদৰে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’ আংগামি-2 সমষ্টিত আগবাঢ়ি আছে ৷ ইফালে ত্ৰিপুৰাত মুখ্যমন্ত্ৰী ডাঃ মাণিক সাহাই আছে বৰদুৱালি টাউন সমষ্টিত জয়লাভ কৰিছে ৷ ইফালে কনৰাড চাংমাৰ ভাতৃ জেমচ চাংমা পৰাজিত হৈছে ৷ তৃণমূল নেতা মুকুল চাংমাও এটা সমষ্টিত পৰাস্ত হৈছে (Mukul Sangma lost in election) ৷

মাজনিশা শৰ্মা-চাংমাৰ বাৰ্তালাপ:

ভোট গণনা আৰম্ভ হোৱাৰ মাত্ৰ কেইঘন্টামান পূৰ্বে, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই বুধবাৰে মাজনিশা গুৱাহাটীত সাক্ষাৎ কৰে নেডাৰ আহ্বায়ক তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৷ গুৱাহাটীৰ এখন হোটেলত বিজেপিৰ উত্তৰ-পূবৰ ৰণকৌশল ৰচোঁতা ড৹ শৰ্মাক সাক্ষাৎ কৰে কনৰাড চাংমাই ৷ নিৰ্বাচনী সমীক্ষাত মেঘালয়ত ওলোমা চৰকাৰ গঠনৰ চৰ্চা চলাৰ পাচত এতিয়া এই বৈঠকখন গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ৷ নিৰ্বাচনী সমীক্ষাত এন পি পি দলে সৰ্বাধিক আসন লাভ কৰিব বুলি কোৱা হৈছিল যদিও একক সংখ্যাগৰিষ্ঠতা লাভ নকৰে বুলি কেইবাটাও সমীক্ষাত প্ৰকাশ পায় ৷ পূৰ্বৰ চৰকাৰত বিজেপি এন পি পিৰ মিত্ৰ আছিল যদিও নিৰ্বাচনত দুয়োটা দলেই পৃথকে পৃথকে অৱতীৰ্ণ হয় (Conrad Sangma met Himanta Biswa Sarma) ৷

ABOUT THE AUTHOR

...view details