আগৰতলা, 23 এপ্ৰিল :উত্তৰ-পূৱৰ বাবে সুখবৰ ৷ 2024 চনৰ ভিতৰত উত্তৰ-পূৱক ৰাজধানী চহৰ নতুন দিল্লীৰ সৈতে কৰা হ’ব সংযোগ(NE region will be connected with Delhi through railways by 2024) ৷ কেন্দ্ৰীয় ৰে’ল, কয়লা আৰু খনি(ৰাজ্যিক) মন্ত্ৰী ৰাওচাহেব দানভে সদৰি কৰে এই কথা ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিগত 21 এপ্ৰিলত ৰে'ল বিভাগৰ সৈতে জড়িত বিভিন্ন উন্নয়নমূলক কাম-কাজ পৰিদৰ্শন কৰিবলৈ ত্ৰিপুৰাত উপস্থিত হৈ ঘোষণা কৰে এই কথা ।
মন্ত্ৰীগৰাকীয়ে আগৰতলা-আখাউৰা (বাংলাদেশ) ৰে'ল সংযোগ আৰু নিচিন্তপুৰ ৰে'লৱে য়াৰ্ড পৰিদৰ্শন কৰে ৷ ইয়াৰ পিছত এখন সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰী দানভে কয় যে, 2014 চনত নৰেন্দ্ৰ মোডী দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছতহে উত্তৰ-পূৱৰ প্ৰকৃত উন্নয়ন আৰম্ভ হৈছে ৷ বিশেষকৈ মোডীয়ে উত্তৰ-পূৱৰ উন্নয়নৰ বাবে আৰোপ কৰিছে বিশেষ গুৰুত্ব ৷
"প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত আমি ৰে'লৰ জৰিয়তে উত্তৰ-পূৱক দিল্লীৰ সৈতে সংযোগ কৰিবলৈ কাম কৰি আছো ৷ ইতিমধ্যে প্ৰায় 60 শতাংশ কাম সমাপ্ত হৈছে ৷ অৱশিষ্ট অংশখিনি 2024 চনৰ ভিতৰত সম্পূৰ্ণ হ'ব", বুলি মন্ত্ৰীগৰাকীয়ে এনেদৰে ব্যক্ত কৰে ৷
তেওঁ লগতে কয় যে, চৰকাৰে শীঘ্ৰে ত্ৰিপুৰাৰ দক্ষিণ জিলাৰ চাব্ৰুম উপ সংমণ্ডলত এটা 'মাল্টি-মডেল পৰিবহন কেন্দ্ৰ'(Multi modal transport hub) স্থাপন কৰিব ৷ যিয়ে আন্তঃৰাজ্যিক ক্ষেত্ৰত মালবাহী ৰে’লৰ চলাচলত সহায় কৰিব ৷