নিউজ ডেস্ক, 10 মে’ : অশান্তজৰ্জৰ মণিপুৰত কিছু পৰিমাণে শাম কাটিছে পৰিস্থিতি (Manipur is improving) ৷ মণিপুৰত যোৱা 3 মে’ত সংঘটিত হৈ যোৱা অবাঞ্চিত হিংসাত্মক পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰি উত্তৰ-পূব সাংসদ মঞ্চই বুধবাৰে মণিপুৰবাসী ৰাইজক হিংসাৰ পৰা বিৰত থাকি ৰাজ্যখনত শান্তি ঘূৰাই আনিবলৈ আহ্বান জনায় (NE MPs Forum appeals to people maintain peace)।
উত্তৰ-পূব সাংসদ মঞ্চৰ অধ্যক্ষ কিৰেণ ৰিজিজুৱে কয় যে, "আমি ৰাজ্যখনৰ বৰ্তমানৰ প্ৰত্যাহ্বাজনক পৰিস্থিতিৰ সন্দৰ্ভত আৱগত হৈছো (Chairman of the NE MPs Forum Kiren Rijiju) ৷ ৰাজ্যখনৰ লোকসকলে তেওঁলোকৰ মৌলিক প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিবলৈও সংগ্ৰাম কৰিব লগীয়া হৈছে ৷ আমি সকলোৱে লগ হৈ হিংসাত্মক ঘটনাৰ দ্বাৰা প্ৰভাৱিত অঞ্চলসমূহ পূৰ্বৰ দৰে স্বাভাৱিক কৰাৰ লগতে লোকসকলৰ মৌলিক প্ৰয়োজনসমূহ যোগান ধৰিবলৈ অবিৰামভাৱে কাম কৰি আছো ৷ এই শোকাৱহ ঘটনাৰ ফলত ক্ষতিগ্ৰস্ত হোৱা সকলো লোকক প্ৰয়োজনীয় সহায় আৰু সমৰ্থন আগবঢ়াবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ (Manipur violence Update)৷"
এই কঠিন সময়ত ৰাজ্যখনত বাস কৰা সকলো সম্প্ৰদায়ৰ লোকসকলক একত্ৰিত হৈ সমাজখনত হেৰুৱা শান্তি আৰু সম্প্ৰীতি পুনৰুদ্ধাৰৰ বাবে সহায় সহযোগিতাৰ লগতে চেষ্টা কৰিবলৈ কৈ ৰিজিজুৱে কয়, "আহক আমি সকলোৱে লগ হৈ ৰাজ্যখনত হিংসাত্মক পৰিস্থিতিৰ সন্মুখীন হোৱা লোকসকলৰ প্ৰতি সমৰ্থন আগবঢ়াও ৷ লগতে উন্নত ভৱিষ্যতৰ দিশে কাম কৰোঁ ৷ আমি বিশ্বাস কৰোঁ যে, প্ৰতিগৰাকী লোকৰ জীৱনেই মূল্যৱান ৷ গতিৰে ৰাজ্যখন পুনৰ স্বাভাৱিক হ’বলৈ জনসাধাৰণৰ সহযোগিতা অবিহনে আমাৰ প্ৰচেষ্টা অসম্পূৰ্ণ ৷ সেয়েহে, আমি সমাজৰ সকলো সদস্যক শান্তি-শৃংখলা পুনৰুদ্ধাৰৰ বাবে আমাৰ প্ৰচেষ্টাত সহযোগ কৰি আমাক সহায় কৰিবলৈ আহ্বান জনাইছো " ৰিজিজুৱে কয় (Manipur violence news) ।