আগৰতলা, ২৩ ডিচেম্বৰ: শেহতীয়াকৈ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ সৈতে কাম কৰাৰ সুযোগ লাভ কৰিছে উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাজনো বিজ্ঞানীয়ে । এই সন্দৰ্ভত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ প্ৰাক্তন বিজ্ঞানী জয়ন্ত পি যোশীয়ে কয় যে, অনাগত দিনত মহাকাশ খণ্ডক উত্তৰ-পূৱে নেতৃত্ব দিব পাৰিব (According to Joshi NE can lead space sector) ।
তেওঁ কয় যে, মহাকাশ সম্পৰ্কীয় কাৰ্যকলাপ কোনো নিৰ্দিষ্ট ৰাজ্য অথবা কোনো অঞ্চলৰ মাজত সীমাবদ্ধ হৈ নাথাকে । বিশেষকৈ উত্তৰ-পূৱত মহাকাশ সম্পৰ্কীয় কাম-কাজৰ যথেষ্ট সম্ভাৱনা থকাটো তেওঁ প্ৰত্যক্ষ কৰিছে বুলি জানিবলৈ দিয়ে (Jayant P Joshi on Space activity in NE region) ।
ত্ৰিপুৰাৰ আগৰতলাত আয়োজিত এক অনুষ্ঠানত অংশ লৈ এই মন্তব্য কৰে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ প্ৰাক্তন বিজ্ঞানী জয়ন্ত পি যোশীয়ে(Former scientist of ISRO Jayant P Joshi) । তেওঁ কয় যে, বিশেষকৈ উত্তৰ-পূৱৰ শিক্ষাৰ্থীসকলৰ সৈতে এই বিষয়ত কৰা বাৰ্তালাপৰ সময়ত তেওঁলোকে মহাকাশ উদ্যোগৰ বিষয়ে উত্থাপন কৰা প্ৰশ্নবোৰৰ পৰা তেওঁ অনুমান কৰিব পাৰিছে যে শিক্ষাৰ্থীসকলৰ ভৱিষ্যত অতি উজ্জ্বল ।