অসম

assam

ETV Bharat / bharat

Bihar Child Trapped in Foot Bridge Dies : ফুট ব্ৰীজত আবদ্ধ শিশুক উদ্ধাৰৰ পিছত মৃত্যু

বিহাৰৰ ৰোহতাছত পথ সেতুৰ দুটা স্তম্ভৰ মাজত আবদ্ধ হৈ থকা ৰঞ্জন কুমাৰক উদ্ধাৰৰ পিছত হস্পিটেলত মৃত্যু । প্ৰায় ২৪ ঘণ্টাৰ উদ্ধাৰ অভিযানৰ পিছত উদ্ধাৰকাৰী দলটোৱে ৰঞ্জনক উদ্ধাৰ কৰিছিল (Bihar Child Trapped in Foot Bridge Dies) । তাৰ পিছত শিশুটোক চাচাৰাম সদৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ।

Bihar Child Trapped in Foot Bridge Dies
Bihar Child Trapped in Foot Bridge Dies

By

Published : Jun 8, 2023, 7:28 PM IST

নিউজ ডেস্ক, ৮ জুন : কথাতে কয়, চৰণেহে জানে মৰণৰ ঠাই । ঠিক একে কথাই প্ৰযোজ্য হৈছে বিহাৰৰ এটি ১২ বছৰীয়া শিশুৰ ক্ষেত্ৰত । এখন পথ সেতুত ২৪ ঘণ্টা ধৰি আবদ্ধ হৈ থকাৰ পিছত এনডিআৰএফে উদ্ধাৰ কৰিছিল ৰঞ্জন কুমাৰ নামৰ শিশুটিক । পৰৱৰ্তী সময়ত তেওঁক হস্পিটেলত ভৰ্তি কৰোৱা হয় যদিও তাতেই তেওঁৰ মৃত্যু হয় (Bihar Child Trapped in Foot Bridge Dies) ।

বিহাৰৰ ৰোহতাচৰ নাশ্ৰীগঞ্জ আৰক্ষী থানা অঞ্চলৰ নাছিৰগঞ্জ-দৌদনগৰ পথ সেতুৰ স্তম্ভ আৰু দেৱালৰ মাজত আবদ্ধ হৈ পৰিছিল ৰঞ্জন কুমাৰ নামৰ এটি ১২ বছৰীয়া শিশু (Child Trapped in Foot Bridge in Bihar) । শিশুটোক সুৰক্ষিতভাৱে উদ্ধাৰ কৰিবলৈ প্ৰশাসনে ২৪ ঘণ্টা ধৰি নিৰন্তৰভাৱে উদ্ধাৰ অভিযান চলাই আছিল । অৱশেষত শিশুটোক উদ্ধাৰ কৰা হয় যদিও তেওঁ শাৰীৰিক অৱস্থা সুস্থিৰ নোহোৱাত হস্পিটেলত ভৰ্তি কৰোৱা হয় (NDRF Rescued Child Trapped in Foot Bridge) ।

"শিশুটোক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । এনডিআৰএফৰ দলে শিশুটোক বাহিৰলৈ উলিয়াই আনিবলৈ ২৪ ঘণ্টা ধৰি কঠোৰ পৰিশ্ৰম কৰে । দলংখন মেৰামতি কৰা হ'ব । শিশুটোৰ অৱস্থা বৰ্তমান স্বাভাৱিক বুলি ক'ব পৰা নহ'ব ।" শিশুটিক উদ্ধাৰৰ পিছত এছডিএম উপেন্দ্ৰ পালে কয় (12 year old child trapped in foot bridge) ।

উল্লেখ্য, ফুট ব্ৰীজখনৰ দেৱাল আৰু স্তম্ভটোৰ মাজত দুই ফুটতকৈও কম ফাঁক আছিল । তাৰ মাজতে শিশুটো আবদ্ধ হৈ আছিল । ওপৰৰ পৰা চাওঁতে শিশুটোক আংশিকভাৱেহে দেখা গৈছিল । উদ্ধাৰকাৰী দলে কয় যে শিশুটোৰ শৰীৰ লৰচৰ কৰি আছিল । তেওঁ হাত জোকাৰি সঁহাৰি দিয়ে । আনহাতে, শিশুটিৰ পিতৃ ভোলা শ্বাহে প্ৰকাশ কৰে যে ৰঞ্জন মানসিকভাৱে প্ৰতিবন্ধী ।

"বিগত তিনিদিন ধৰি ৰঞ্জনৰ কোনো সন্ধান পোৱা নাছিল । গৰুচৰাই থাকোঁতে কিছু লোকে তেওঁৰ কান্দোন শুনিছিল । যেতিয়া মই তালৈ গৈছিলোঁ, তাত মই ফাঁকটোৰ পৰা শিশুটিৰ কান্দোন শুনিছিলোঁ । আমাক তেওঁলোকে জনাইছিল যে শিশুটি স্তম্ভটোত আবদ্ধ হৈ আছে ।" ৰঞ্জন কুমাৰৰ পিতৃ ভোলা শ্বাহে ঘটনা সন্দৰ্ভত এনেদৰে কয় ।

"ফাঁকটোত আবদ্ধ শিশুটোক স্তম্ভটোত বিন্ধা কৰি মোকলাই আনিবলৈ চেষ্টা কৰা হৈছে । দুই ফুটতকৈ কম বহল ফাঁকৰ বাবে এটা সমস্যা আছে । বৰ্তমান শিশুটোক সুৰক্ষিতভাৱে বাহিৰলৈ অনাৰ বাবে কামটো লেহেম গতিত চলি আছে, যাতে স্তম্ভটোৰ ছিদ্ৰৰ সময়ত শিশুটো আঘাতপ্ৰাপ্ত নহয় । উদ্ধাৰকাৰ্য চলি থকাৰ সময়ত নশ্ৰীগঞ্জ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সুমিত কুমাৰে কয় । কিন্তু উদ্ধাৰকাৰ্য সফল হোৱাৰ পিচতো জীৱনৰ ওচৰত হাৰ মানিলে ৰঞ্জন কুমাৰে ৷

কিন্তু শিশুটো তাত গৈ কেনেদৰে আবদ্ধ হ'ল সেই কথা চৰ্চিত হৈছে । জানিব পৰা মতে, স্তম্ভটোত বহু কপৌৱে আশ্ৰয় লৈছিল । অনুমান কৰা মতে, শিশুটোৱে স্তম্ভটোত ওলমি থকা তাঁৰৰ সহায়ত ওপৰলৈ গৈছিল । কিন্তু কপৌ ধৰাৰ সময়ত তেওঁ ভাৰসাম্য হেৰুৱাই দেৱাল আৰু স্তম্ভৰ মাজৰ এটা ফাঁকত আবদ্ধ হৈ পৰে ।

লগতে পঢ়ক :Manipur Violence : মণিপুৰত পুনৰ হিংসাৰ জুই; ইণ্টাৰনেট নিষেধাজ্ঞা ১০ জুনলৈ বৃদ্ধি

ABOUT THE AUTHOR

...view details