নেশ্যনেল ডেস্ক,২০ মে' : 'বিজেপি নেতৃত্বাধীন চৰকাৰৰ আঠ বছৰীয়া কাৰ্যকালত দেশৰ সন্তুলিত উন্নয়ন, সামাজিক ন্যায় আৰু সামাজিক সুৰক্ষাৰ ওপৰত গুৰুত্ব দিয়া হৈছে ।'এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ । শুকুৰবাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে জয়পুৰত অনুষ্ঠিত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যালয়ৰ সভাৰ ভাষণত এই মন্তব্য কৰে (Modi address to BJP workers)। তেওঁ লগতে কয় যে ২০১৪ চনৰ পিছত চৰকাৰৰ বিতৰণ ব্যৱস্থাৰ ওপৰত মানুহে পুনৰ বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছে ।
ইয়াৰ উপৰিও তেওঁ দলৰ নেতা আৰু কৰ্মীসকলক চৰকাৰৰ কল্যাণমূলক আঁচনিৰ পৰা কোনো দৰিদ্ৰ, যোগ্য হিতাধিকাৰী বাদ নপৰাটো নিশ্চিত কৰিবলৈ অভিযান আৰম্ভ কৰাৰ পৰামৰ্শ দিয়ে । প্ৰধানমন্ত্ৰীয়ে ভাষণত কয় যে, এই মাহত এন ডি এ চৰকাৰে আঠ বছৰ সম্পূৰ্ণ কৰিব (Eight years of NDA government)। তেওঁৰ মতে এই আঠ বছৰ সংকল্প আৰু সফলতাৰ আছিল । প্ৰধানমন্ত্ৰীৰ মতে আঠ বছৰত ক্ষুদ্ৰ কৃষক, শ্ৰমিক আৰু মধ্যবিত্ত শ্ৰেণীৰ আশা পূৰণ কৰা হৈছে ৷
প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ভাৰতৰ ওপৰত সমগ্ৰ বিশ্বৰ বহু আশা আছে । একেদৰে, ভাৰতত বিজেপিৰ প্ৰতি জনসাধাৰণৰ এক বিশেষ স্নেহ আছে বুলিও তেওঁ দাবী কৰে । তেওঁৰ মতে বিজেপিৰ প্ৰতি দেশৰ জনসাধাৰণৰ বহুখিনি বিশ্বাস আৰু আশা আছে । প্ৰধানমন্ত্ৰীৰ মতে ২০১৪ চনৰ পিছত, ভাৰতবাসীৰ হতাশা দূৰ হৈছে আৰু আজি মানুহৰ আশা পূৰণ হৈছে ।