নেশ্যনেল ডেস্ক, 20 জুলাই: ৰাষ্ট্ৰীয় মহিলা আয়োগে বৃহস্পতিবাৰে টুইটাৰ ইণ্ডিয়াক মণিপুৰৰ দুগৰাকী মহিলাক উলংগ কৰি পেৰেড কৰা ভিডিঅ’ আঁতৰাবলৈ আনুষ্ঠানিকভাৱে নিৰ্দেশনা প্ৰদান কৰিছে ৷ ৰাষ্ট্ৰীয় মহিলা আয়োগে কয় যে ভিডিঅ’টোত মহিলা ভুক্তভোগীৰ পৰিচয় প্ৰকাশ পাইছে আৰু এয়া শাস্তিযোগ্য অপৰাধ ৷
‘‘NCWয়ে আনুষ্ঠানিকভাৱে টুইটাৰ ইণ্ডিয়াৰ ৰাজহুৱা নীতিৰ মুৰব্বীক মণিপুৰৰ দুগৰাকী মহিলাক উলংগ কৰি পেৰেড কৰাৰ লাঞ্ছনাজনক কাৰ্য দেখুওৱা ভিডিঅ'টো আঁতৰাবলৈ নিৰ্দেশ দিছে । এই ভিডিঅ'টোৱে ভুক্তভোগীসকলৰ পৰিচয়ৰ সৈতে আপোচ কৰে আৰু ই এক শাস্তিযোগ্য অপৰাধ,’’ NCWয়ে টুইট কৰি এই কথা উল্লেখ কৰে ৷
বুধাবাৰে মণিপুৰৰ দুগৰাকী কুকি মহিলাক উলংগ কৰি সমদল কৰা ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পাচতে দেশজুৰি সৃষ্টি হৈছে আলোড়নৰ ৷ জানিব পৰা মতে বিগত মে’ মাহৰ 4 তাৰিখে সংঘটিত হৈছিল এই ঘটনা ৷ উল্লেখ্য যে বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় মহিলা আয়োগে টুইটযোগে এই ঘটনাক গৰিহনা দি মণিপুৰৰ আৰক্ষী সঞ্চালক প্ৰধানক তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছিল ৷