ETV Bharat Assam

অসম

assam

ETV Bharat / bharat

ক’ভিডত অনাথ হোৱা শিশুসকল তথ্য ‘বাল স্বৰাজ’ পৰ্টেলত আপলোডৰ নিৰ্দেশ এন চি পি আৰৰ - পিতৃ-মাতৃক হেৰুৱা শিশু

ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিবসকলক বাল স্বৰাজ পৰ্টেলত তথ্য আপলোড কৰিবলৈ নিৰ্দেশ দিছে ৷ চৰকাৰী সূত্ৰই প্ৰকাশ কৰা এক তথ্য অনুসৰি ক’ভিড-19ত দেশৰ কমেও 577 টা শিশু অনাথ হৈ পৰিছিল ৷ শোৰ ন্যায় (শিশুৰ যত্ন আৰু সুৰক্ষা) আইন, 2015-ৰ ধাৰা 2(14)ৰ অধীনত সেইসকল শিশুক যত্ন আৰু সুৰক্ষা প্ৰদান কৰিব ৷

ncpr direct to  principal secretaries of states and union territories to upload the information of urphaan child on the Bal Swaraj portal.
ক’ভিডত অনাথ হোৱা শিশুসকলৰ তথ্য বাল স্বৰাজ পৰ্টেলত আপলোডৰ নিৰ্দেশ এন চি পি আৰৰ
author img

By

Published : May 29, 2021, 7:57 PM IST

নেশ্যনেল ডেস্ক, 29 মে': ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক মহামাৰী ক’ভিড-19ত অনাথ হোৱা শিশুলকলৰ তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিছে ৷ ইতিমধ্যে ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিবসকলক বাল স্বৰাজ পৰ্টেলত তথ্য আপলোড কৰিবলৈ লিখিছে ৷

বাল স্বৰাজ পৰ্টেল হ’ল যত্ন আৰু সুৰক্ষাৰ প্ৰয়োজন হোৱা শিশুসকলক ডিজিটেলভাৱে নিৰীক্ষণ আৰু ট্ৰেক কৰিবলৈ সৃষ্টি কৰা এটা পৰ্টেল যিটো ক’ভিড কেয়াৰ লিংকৰ অধীনত মহামাৰী ক’ভিড-19ৰ মাজত ব্যৱহাৰৰ বাবে সম্প্ৰসাৰিত কৰা হৈছে ৷

মহামাৰীৰ সময়ত যিসকল শিশুৱে পিতৃ-মাতৃক হেৰুৱাইছে অথবা পাৰিবাৰিক সমৰ্থন অবিহনে থকা দেখা গৈছে কিশোৰ ন্যায় (শিশুৰ যত্ন আৰু সুৰক্ষা) আইন, 2015-ৰ ধাৰা 2(14)ৰ অধীনত সেইসকল শিশুৰ অধিকাৰ বজাই ৰখা আৰু সুৰক্ষিত কৰাটো প্ৰয়োজনীয় ।

সেয়ে কিশোৰ ন্যায় আইন, 2015ৰ ধাৰা 31-ৰ অধীনত অনাথ শিশুসকলক শিশু কল্যাণ সমিতিৰ সন্মুখত হাজিৰ কৰাৰ লগতে উক্ত আইনখনৰ প্ৰক্ৰিয়া তেওঁলোকৰ বাবে অনুসৰণ কৰিব লাগিব ৷

ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে এই ক্ষেত্ৰত কিশোৰ ন্যায় আইন, 2015-ৰ অধীনত প্ৰতিটো শিশু সুৰক্ষা কৰ্তৃপক্ষ বা বিষয়াৰ প্ৰক্ৰিয়া আৰু কাৰ্যকলাপৰ বাবে এখন নথি প্ৰদান কৰাৰ তালিকাও প্ৰস্তুত কৰাৰ লগতে অন্যান্য প্ৰাসংগিক কৰ্তৃপক্ষৰ বাবে পৰামৰ্শ প্ৰদান কৰে ।

উল্লেখ্য যে, ক’ভিড-19ৰ দ্বিতীয় ঢৌৱে দেশত প্ৰচণ্ড আঘাত কৰিছিল যাৰ ফলত বহুতো শিশু অভিভাৱকহীন হৈ পৰিছিল ৷ চৰকাৰী সূত্ৰই প্ৰকাশ কৰা এক তথ্য অনুসৰি চলিত সপ্তাহৰ আৰম্ভণিতে ক’ভিড-19ত দেশৰ কমেও 577 টা শিশু অনাথ হৈ পৰিছিল । এনে পৰিস্থিতিত অ-প্ৰতিষ্ঠানিক শিশু যত্ন পুঁজিয়ে এনে শিশুৰ যত্নৰ বাবে প্ৰতিখন জিলালৈ 10 লাখ টকা মুকলি কৰিছিল ।

21 মে'ত, গৃহ মন্ত্ৰালয়ে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ এখন পত্ৰ লিখিছিল য'ত তেওঁলোকক দুৰ্বল শ্ৰেণীৰ সুৰক্ষাৰ বাবে পদক্ষেপ ল'বলৈ নিৰ্দেশ দিয়া হৈছিল বিশেষকৈ ক’ভিড-19ত পিতৃ-মাতৃ হেৰুওৱা শিশুসকলক ।

দিল্লী, অন্ধ্ৰ প্ৰদেশ, মধ্য প্ৰদেশ, ছত্তীশগড় আৰু পঞ্জাৱকে ধৰি কেইবাখনো ৰাজ্য চৰকাৰে এনে শিশুসকলক তেওঁলোকৰ সমৰ্থন আগবঢ়াইছে । চৰকাৰৰ দ্বাৰা লোৱা পদক্ষেপবোৰৰ ভিতৰত আছে বিনামূলীয়া শিক্ষা আৰু মাহিলী বৃত্তি ।

লগতে পঢ়ক :ক'ভিড-১৯: বিমান টিকটৰ মূল্য ১৫% বৃদ্ধি কৰিব কেন্দ্ৰই

ABOUT THE AUTHOR

...view details