অসম

assam

ETV Bharat / bharat

New NCP President : এনচিপিৰ পৰৱৰ্তী সভাপতিৰ দৌৰত সুপ্ৰিয়া ছুলে আৰু প্ৰফুল পেটেল - NCP leader Praful Patel

দলটোৰ জ্যেষ্ঠ নেতা মুৰব্বী শৰদ পাৱাৰে হঠাতে পদত্যাগৰ সিদ্ধান্ত লোৱাত একপ্ৰকাৰ অভিভাৱকহীন হৈ পৰিছে নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টী । যাৰ বাবে এতিয়া দলটোৰ পৰৱৰ্তী সভাপতি নিৰ্বাচনৰ বাবে মুম্বাইত বৈঠক চলি আছে (NCP meet on next president) । দলটোৰ পৰৱৰ্তী নেতাগৰাকী বাছনি কৰিবলৈ ব্যস্ত হৈ পৰিছে নেতৃবৰ্গ । জানিব পৰা মতে, এনচিপিৰ পৰৱৰ্তী সভাপতিৰ দৌৰত আগবাঢ়ি আছে সুপ্ৰিয়া ছুলে আৰু প্ৰফুল পেটেল ।

New NCP President
New NCP President

By

Published : May 3, 2023, 5:29 PM IST

নিউজ ডেস্ক, ৩ মে' :শৰদ পাৱাৰে এনচিপিৰ শীৰ্ষ পদৰ পৰা পদত্যাগ কৰা বুলি কোৱাৰ পিচত (Sharad Pawar quits from NCP top post) এনচিপি নেতা তথা কৰ্মকৰ্তাসকলৰ মাজত দলটোৰ পৰৱৰ্তী সভাপতি সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বুধবাৰে ৱাইবি চৱন কেন্দ্ৰত এক বৈঠক অনুষ্ঠিত হয় । আনহাতে, দলটোৰ নেতাসকলে বুধবাৰে পুৱাৰে পৰা শৰদ পাৱাৰৰ ছিলভাৰ অ'ক বাসগৃহলৈ ছাপলি মেলিবলৈ আৰম্ভ কৰে । কিন্তু ক্ৰমান্বয়ে ভিৰ বাঢ়ি অহাৰ লগে লগে বৈঠকখন ৱাইবি চৱন কেন্দ্ৰলৈ স্থানান্তৰিত কৰা হয় (NCP meet on next president) ।

উল্লেখ্য যে, এনচিপিৰ পৰৱৰ্তী সভাপতি পদৰ বাবে প্ৰফুল পেটেল (NCP leader Praful Patel) আৰু সুপ্ৰিয়া ছুলে আগশাৰীৰ দাবীদাৰ হিচাপে প্ৰকাশ পাইছে (NCP MP Supriya Sule) । পেটেল আৰু ছুলে দুয়োৰে ৰাষ্ট্ৰীয় ৰাজনীতিত যথেষ্ট অভিজ্ঞতা আছে । যাৰ ফলত তেওঁলোকক দলটোৰ মুৰব্বী পদৰ বাবে শক্তিশালী প্ৰাৰ্থী হিচাপে বিবেচনা কৰা হৈছে । আনহাতে, এই কথা পোহৰলৈ অহাৰ লগে লগে শৰদ পাৱাৰৰ ভতিজাক অজিত পাৱাৰ এনচিপিৰ সভাপতি পদৰ দৌৰত শীৰ্ষত থকা বুলি ওলোৱা গুজৱৰো অন্ত পৰে ।

ইফালে নেতৃত্বৰ পৰিৱৰ্তন প্ৰক্ৰিয়াটো যাতে মসৃণ হয় আৰু দলীয় কৰ্মী আৰু কৰ্মকৰ্তাসকলৰ মাজত যাতে কোনো বিভ্ৰান্তিৰ সৃষ্টি নকৰে তাৰ বাবে এনচিপিৰ আভ্যন্তৰীণ বৈঠক চলি আছে । এই বৈঠকবোৰ শৰদ পাৱাৰৰ বাসগৃহত অনুষ্ঠিত হৈছে । এনচিপিৰ বিধায়ক ৰাজেন্দ্ৰ শিংগানে, প্ৰজাক্ত তানপুৰে, বিক্ৰম কালে, বাবাজী দুৰানী, উমেশ পাটিল আৰু মেহবুব শ্বেখৰ মাজত বৈঠক পুৱাৰে পৰা চলি আছে । প্ৰাপ্ত খবৰ মতে, শৰদ পাৱাৰে দলৰ আগত ঘোষণাৰ পূৰ্ব তেওঁৰ সিদ্ধান্তৰ বিষয়ে ভাবিবলৈ দুইৰ পৰা তিনি দিন সময় ল'ব পাৰে ।

সমান্তৰালভাৱে আন এখন বৈঠক অজিত পাৱাৰৰ দেৱগিৰি বাংলোতো অনুষ্ঠিত হৈছে । তাত দলৰ বিধায়ক দত্তাত্ৰয় ভাৰ্ণে, অনিল পাটিল আৰু নৱাব মালিকৰ জীয়ৰীয়ে অজিত পাৱাৰক সাক্ষাৎ কৰে । এনচিপিৰ সাংসদ সুনীল তাতকাৰেয়েও অজিত পাৱাৰৰ বাংলোত গৈ উপস্থিত হয় ।

উল্লেখ্য, প্ৰফুল পেটেল হৈছে এনচিপিৰ এজন জ্যেষ্ঠ নেতা আৰু শৰদ পাৱাৰৰ ঘনিষ্ঠ বিশ্বাসী । ইফালে সুপ্ৰিয়া ছুলেও এগৰাকী জ্যেষ্ঠ নেতা আৰু বাৰামতীৰ তিনিবাৰৰ সাংসদ । অৱশ্যে কিছু সূত্ৰই দাবী কৰিছে যে, এনচিপিৰ সাংসদ সুপ্ৰিয়া ছুলেয়ে তেওঁৰ পিতৃৰ পদাংক অনুসৰণ কৰি দলটোৰ পৰৱৰ্তী সভাপতি হোৱাৰ সম্ভাৱনা আছে । আন এটা অংশৰ মতে, এই পদটো বৰ্তমান খালী ৰখা হ'ব পাৰে । উল্লেখ্য যে শৰদ পাৱাৰে মঙলবাৰে এনচিপিৰ শীৰ্ষ পদৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত ঘোষণা কৰে । আনহাতে, শেহতীয়াকৈ সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত ছুলেয়ে আগন্তুক ১৫ দিনত দুটা ডাঙৰ ৰাজনৈতিক বিস্ফোৰণৰ ইংগিত দিছে । তাৰে এটা হৈছে দিল্লীত আৰু আনটো মহাৰাষ্ট্ৰত ।

ইফালে শৰদ পাৱাৰৰ ভতিজাক অজিত পাৱাৰে বিজেপিলৈ যাত্ৰা কৰাৰ জল্পনা-কল্পনাৰ মাজতে ছুলেৰ এই মন্তব্য আহিছে । তাৰ মাজতে ছুলেয়ে অজিত পাৱাৰক তেওঁৰ শেহতীয়া মন্তব্যৰ বাবে সমৰ্থন কৰিছিল । উল্লেখ্য, অজিত পাৱাৰে ঘোষণা কৰিছিল যে তেওঁ ৰাজ্যখনত মুখ্যমন্ত্ৰী পদৰ বাবে সাজু । এএনআইৰ সৈতে হোৱা বাৰ্তালাপত ছুলেয়ে কয় যে, ৰাজনীতিত উচ্চাকাংক্ষা বা সপোন দেখাত কোনো ভুল নাই । "মই নাভাবোঁ যে এই বিষয়ে মুকলিকৈ কোৱাত কোনো ভুল আছে । দৰাচলতে তেওঁ তেওঁৰ উচ্চাকাংক্ষাৰ বিষয়ে অতি সততাৰে প্ৰকাশ কৰিছে ।" ছুলেয়ে কয় ।

লগতে পঢ়ক :King Charles Coronation : ৰজা চাৰ্লছৰ ৰাজ্যাভিষেকলৈ মুম্বাই ডাব্বাৱালাৰ উপহাৰ

ABOUT THE AUTHOR

...view details