অসম

assam

ETV Bharat / bharat

Maratha quota protest : মহাৰাষ্ট্ৰত এনচিপিৰ বিধায়কৰ বাসগৃহত প্ৰতিবাদকাৰীৰ আক্ৰমণ - Protest at MLA Prakash Solanke house

মাৰাঠা কোটা বা সংৰক্ষণ সম্পৰ্কে বিতৰ্কিত মন্তব্য কৰা এনচিপিৰ বিধায়ক প্ৰকাশ চোলাঙ্কেৰ বাহন আৰু বাসগৃহত প্ৰতিবাদকাৰীৰ আক্ৰমণ । উত্তেজিত প্ৰতিবাদকাৰীয়ে বিধায়কজনৰ বাহনত অগ্নিসংযোগ কৰে । ঘটনাৰ পাছতে মাৰাঠা সংৰক্ষণৰ দাবীক সমৰ্থন বিধায়কগৰাকীৰ ।

Maratha quota protest
মহাৰাষ্ট্ৰত এনচিপিৰ বিধায়কৰ বাসগৃহত প্ৰতিবাদকাৰীৰ আক্ৰমণ

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 4:43 PM IST

নেশ্যনেল ডেস্ক,৩০ অক্টোবৰ :চৰকাৰী নিযুক্তি আৰু শিক্ষাত মাৰাঠা কোটা বা সংৰক্ষণৰ দাবীত প্ৰতিবাদ অব্যাহত আছে । তাৰ মাজতে মহাৰাষ্ট্ৰৰ বিড জিলাত হিংসাত্মক ঘটনা । এনচিপিৰ বিধায়ক প্ৰকাশ চোলাঙ্কেৰ বাহন আৰু বাসগৃহত প্ৰতিবাদকাৰীৰ আক্ৰমণ । বিধায়কগৰাকীৰ বাহন আৰু বাসগৃহত শিল নিক্ষেপ কৰাৰ লগতে প্ৰতিবাদকাৰীয়ে অগ্নিসংযোগ কৰে ।

মাজালগাঁৱস্থিত বিধায়কজনৰ বাসগৃহত প্ৰতিবাদকাৰীসকলে আক্ৰমণ কৰে । বিধায়কগৰাকীয়ে মাৰাঠা কোটা সম্পৰ্কে বিতৰ্কিত মন্তব্য কৰাৰ পাছতে তেওঁৰ বিৰুদ্ধে এই আক্ৰমণ হোৱা দেখা গৈছে ।

জানিব পৰা মতে পুৱা প্ৰায় ১১ মান বজাত এই ঘটনা সংঘটিত হয় । উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ নেতৃত্বৰ এনচিপি গোটৰ অংশ বিধায়কগৰাকী সেই সময়ত বাসগৃহৰ ভিতৰত উপস্থিত আছিল নে নাই সেয়া স্পষ্ট হোৱা নাই । শেহতীয়াকৈ মাৰাঠা কোটা বা সংৰক্ষণ বিষয়ত বিধায়ক চোলাঙ্কেৰ এটা অডিঅ' ক্লিপ ভাইৰেল হৈছিল । তাৰ পাছতে একাংশ উত্তেজিত লোকে তেওঁ বাসগৃহত আক্ৰমণ কৰে ।

অডিঅ' ক্লিপটোত চোলাঙ্কেয়ে কৈছিল যে বিষয়টো (সংৰক্ষণৰ দাবী আৰু ২৪ অক্টোবৰৰ ভিতৰত চৰকাৰক ইয়াৰ কাৰ্যকৰীকৰণৰ বাবে দিয়া ৪০ দিনৰ আল্টিমেটাম) এক শিশুৰ খেলৰ দৰে হৈ পৰিছে । গাঁও পঞ্চায়ত নিৰ্বাচনতো প্ৰতিদ্বন্দিতা নকৰা ব্যক্তিজন আজি এজন স্মাৰ্ট ব্যক্তি হৈ পৰিছে বুলি তেওঁ জাৰাঞ্জেক আক্ৰমণ কৰিছিল ।

মাৰাঠা সম্প্ৰদায়ৰ লোকসকলে অন্যান্য পিছপৰা শ্ৰেণীৰ (অ'বিচি) অধীনত চৰকাৰী নিযুক্তি আৰু শিক্ষাত সংৰক্ষণ বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । প্ৰতিবাদৰ দ্বিতীয় পৰ্যায়ৰ অংশ হিচাপে জাৰাঞ্জে ২৫ অক্টোবৰৰ পৰা জালনা জিলাৰ অন্তৰৱালী শৰতি গাঁৱত অনিৰ্দিষ্টকালৰ বাবে অনশনত বহি থকাৰ পাছত আন্দোলন তীব্ৰতৰ হৈ পৰিছে ।

চোলাঙ্কে এক সংবাদ মাধ্যমক কৈছিল যে ঘটনাটো সংঘটিত হোৱাৰ সময়ত তেওঁ মাজালগাঁৱত আছিল । তেওঁ কোৱা মতে প্ৰতিবাদকাৰীসকলে তেওঁৰ বাসগৃহটো চাৰিওফালৰ পৰা ঘেৰি ধৰিছিল । প্ৰথমে ঘৰত শিল নিক্ষেপ কৰা হৈছিল আৰু বাহনসমূহত জুই লগাইছিল । তেওঁ দাবী কৰা মতে মাৰাঠা সংৰক্ষণৰ দাবীৰ পক্ষত তেওঁ সদায় থিয় দি আছে । মাৰাঠা সম্প্ৰদায়ৰ সহায়ত ৪ বাৰ নিৰ্বাচনত জয়ী হৈছে আৰু তেওঁ নিজেও এগৰাকী মাৰাঠা বিধায়ক ।

লগতে পঢ়ক :Andhra Pradesh Train Accident : ৰেল সুৰক্ষাৰ অভাৱক লৈ কেন্দ্ৰক সমালোচনা খাৰ্গেৰ

ABOUT THE AUTHOR

...view details