নেশ্যনেল ডেস্ক,১৭ জুলাই :২০২৪ চনৰ লোকসভা নিৰ্বাচনত শাসকীয় বিজেপিক প্ৰতিহত কৰিবলৈ দেশৰ সকলো সৰু-ডাঙৰ দল একত্ৰিত হোৱা দেখা গৈছে । সকলোকে একত্ৰিত কৰাৰ উদ্দেশ্যে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে যোৱা কেইবাদিনো ধৰি বিজেপিৰ বিৰোধিতা কৰা সকলো সৰু-ডাঙৰ আঞ্চলিক দলৰ সৈতে আলোচনা কৰিছে ।
তাৰ অংশ হিচাপে যোৱা ২৩ জুনত পাটনাত এখন বৈঠকৰো আয়োজন কৰা হৈছিল । বিজেপি বিৰোধী ১৫ টা দলে এই বৈঠকত অংশগ্ৰহণ কৰিছিল । বৈঠকৰ পাছত, বিৰোধীসকলে এখন সংবাদমেল অনুষ্ঠিত কৰে আৰু বিজেপিৰ বিৰুদ্ধে তেওঁলোকৰ অভিপ্ৰায় ব্যাখ্যা কৰে । এই বৈঠকৰ পাছত আজি আৰু কাইলৈ বেংগালুৰুত বিৰোধী দলৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হ'ব ।
ভিতৰুৱা খবৰ অনুসৰি এনচিপিৰ মুৰব্বী শৰদ পাৱাৰ এই বৈঠকত উপস্থিত নাথাকিব । আসন বিতৰণ সন্দৰ্ভত আগন্তুক লোকসভা নিৰ্বাচনত উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, বিহাৰ, দিল্লী, তামিলনাডু, কেৰালা, পশ্চিমবংগ, জম্মু-কাশ্মীৰৰ দৰে ৰাজ্যসমূহে লোকসভা আসনৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীৰ সিদ্ধান্ত লোৱাত মুখ্য অংশ লাভ কৰিব । এই ৰাজ্যত ২৭৪ খন আসন অতি গুৰুত্বপূৰ্ণ । কংগ্ৰেছ হৈছে দেশৰ সৰ্ববৃহৎ বিৰোধী দল । সেয়েহে, আসন আৱণ্টনৰ ক্ষেত্ৰত এক সহমতত উপনীত হোৱাটো প্ৰয়োজন । কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে আসন আৱণ্টনৰ ক্ষেত্ৰত নৰম স্থিতি ল'ব পাৰে ।