নেশ্যনেল ডেস্ক,১৫ এপ্ৰিল: বৃহস্পতিবাৰে এনচিপিৰ ৰাষ্ট্ৰীয় সভাপতি শাৰদ পাৱাৰক ব্ৰিচ কেণ্ডি চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয় ৷ এই কথা সদৰী কৰিছে এনচিপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ তথা সংখ্যালঘু মন্ত্ৰী নৱাব মালিকে । যোৱা ১১ এপ্ৰিলত ব্ৰিচ কেণ্ডি চিকিৎসালয়ত শাৰদ পাৱাৰক ভৰ্তি কৰোৱা হৈছিল । ১২ এপ্ৰিলত পিত্তথলীৰ লেপাৰস্ক’পি অস্ত্ৰোপচাৰ সম্পন্ন কৰা হৈছিল ।
চিকিৎসালয়ৰ পৰা অব্যাহতি শাৰদ পাৱাৰক - এনচিপিৰ ৰাষ্ট্ৰীয় সভাপতি শাৰদ পাৱাৰ
যোৱা ১১ এপ্ৰিলত ব্ৰিচ কেণ্ডি চিকিৎসালয়ত শাৰদ পাৱাৰক ভৰ্তি কৰোৱাৰ পাচত বৃহস্পতিবাৰে এনচিপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয় ৷
চিকিৎসালয়ৰ পৰা সুস্থ হৈ ঘৰলৈ উভতে শাৰদ পাৱাৰ
চিকিৎসালয়ত দুদিন থকাৰ পাচত বৃহস্পতিবাৰে পাৱাৰক চিকিৎসালয় কৰ্তৃপক্ষই অব্যাহতি দিয়ে ৷ লগতে আশু-আৰোগ্য কামনা কৰা প্ৰতিগৰাকী লোকক ধন্যবাদ জ্ঞাপন কৰে পাৱাৰে ।
লগতে পঢ়ক: ৱাৰ্ডবয়ে অক্সিজেন মাস্ক খুলি দিয়াত ক’ভিড ৰোগীৰ মৃত্যু