নেশ্যনেল ডেস্ক,২ জুলাই :মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে দেওবাৰে শপত গ্ৰহণ কৰে অজিত পাৱাৰে । এনচিপিৰ প্ৰাক্তন নেতাগৰাকীয়ে শপত লোৱাৰ পাচতে এনচিপিৰ বিভাজনৰ ইংগিত দিছে । তেওঁ কয় যে নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ (এনচিপি) বেছিভাগ বিধায়কে একনাথ সিন্দে নেতৃত্বাধীন মহাৰাষ্ট্ৰ চৰকাৰত যোগদান কৰাৰ সিদ্ধান্তত সন্তুষ্ট হৈছে । অজিত পাৱাৰৰ মতে কেইবাগৰাকী লোকে এতিয়া কিছু সমালোচনা কৰিব । কিন্তু তেওঁলোকে ইয়াক গুৰুত্ব নিদিয়ে আৰু মহাৰাষ্ট্ৰৰ প্ৰগতিৰ বাবে কাম কৰি যাবলৈ তেওঁ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে ।
শপত গ্ৰহণ অনুষ্ঠানৰ পাচতে সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে অজিত পাৱাৰে । ইফালে অজিত পাৱাৰ বাহিনীত থকা এনচিপিৰ কাৰ্যকৰী সভাপতি প্ৰফুল পেটেল আৰু এনচিপিৰ জ্যেষ্ঠ নেতা ছগন ভুজবলো অনুষ্ঠানটোত উপস্থিত থাকে ।
অজিত পাৱাৰৰ মতে বেছিভাগ বিধায়কে সন্তুষ্ট হৈছে । পাৱাৰৰ মতে এনচিপি দলে চৰকাৰক সমৰ্থন কৰিছে । অজিত পাৱাৰৰ মতে এনচিপিৰ নামতে তেওঁলোকে সকলো নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব । আজি মহাৰাষ্ট্ৰ চৰকাৰক সমৰ্থন কৰাৰ লগতে মন্ত্ৰী হিচাবে শপত গ্ৰহণ কৰিছে । পাচত দপ্তৰসমূহৰ ওপৰত আলোচনা কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে । ৰাষ্ট্ৰীয় পৰ্যায়ৰ সকলো দিশ বিবেচনা কৰি উন্নয়নক সমৰ্থন কৰা উচিত বুলি ভাবিয়ে এই সিদ্ধান্ত লোৱা হৈছে বুলি অজিত পাৱাৰে উল্লেখ কৰে ।