নেশ্যনেল ডেস্ক, 2 এপ্ৰিল :মুম্বাইৰ কৰ্ডেলিয়া ক্ৰুজ জাহাজ পাৰ্টীৰ গোচৰ(Drugs party in Cordelia Cruise ship) ৰ এনচিবিৰ প্ৰধান সাক্ষী প্ৰভাকৰ চেইলৰ শুকুৰবাৰে নিশা মৃত্যু ঘটে । চেম্বুৰৰ মাহুলস্থিত নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে চেইলে ৷ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু ঘটে প্ৰভাকৰৰ(Prabhakar Sail dies of heart attack) । প্ৰভাকৰ চেইলৰৰ অধিবক্তা তুষাৰ খাণ্ডাৰৰে সদৰি কৰে এই কথা ৷
প্ৰভাকৰ চেইলে এনচিবিৰ জ’নেল ডাইৰেক্টৰ সমীৰ ৱাংখেড়েৰ বিৰুদ্ধে মুম্বাই ক্ৰুজ ড্ৰাগছ গোচৰত কোটি কোটি টকাৰ উৎকোচ লোৱাৰ অভিযোগ উত্থাপন কৰিছিল ৷ ইয়াৰ পাছত সমীৰ ৱাংখেড়েৰ বিৰুদ্ধে আৰম্ভ কৰা হৈছিল তদন্ত। গোচৰটোৰ তদন্ত কৰি থকা এনচিবিৰ ভিজিলেন্স দলে প্ৰভাকৰ চেইলকো সোধ-পোছৰ বাবে মাতি পঠিয়াইছিল । প্ৰভাকৰ চেইল ক্ৰুজ জাহাজ গোচৰত অভিযুক্ত কিৰণ গোসাভিৰ ব্যক্তিগত দেহৰক্ষী আছিল ৷ চেইলে ক্ৰুজ পাৰ্টীৰ অভিযানৰ সময়ত কিৰণ গোসাভিৰ লগত থকাৰ দাবী কৰিছিল ।