অসম

assam

ETV Bharat / bharat

NCB busts international drug business: বৃহৎ আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ চক্ৰ উৎখাত এনচিবিৰ - নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো

ডুবাই, পাকিস্তান, আফগানিস্তানৰ লগতে উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যৰ সৈতে সম্পৰ্ক থকা এটা আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ চক্ৰ ৷ এই চক্ৰটোৱে ড্ৰাগছৰ ব্যৱসায়ৰ পৰা লাভ কৰা ধন বৈধ ব্যৱসায়ত বিনিয়োগ কৰিছিল ৷ এনচিবিয়ে চক্ৰটোক উৎখাত কৰাৰ লগতে আফগান নাগৰিকসকলে হেৰ’ইনৰ প্ৰক্ৰিয়াকৰণ কৰা দুটা পৰীক্ষাগাৰো জব্দ কৰে (NCB busts international drug business) ।

NCB busts international drug business
আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ চক্ৰক উৎখাত

By

Published : Jan 9, 2023, 8:11 PM IST

নিউজ ডেস্ক, ৯ জানুৱাৰী:নাৰ্কটিক্স কণ্ট্ৰ’ল ব্যুৰো চমুকৈ এনচিবিয়ে (Narcotics Control Bureau) পঞ্জাৱৰ লুধিয়ানাত সোমবাৰে এটা বৃহৎ আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ চক্ৰক উৎখাত কৰে ৷ অভিযানকাৰী দলটোৱে আফগান নাগৰিকসকলে হেৰ’ইনৰ প্ৰক্ৰিয়াকৰণ কৰা দুটা পৰীক্ষাগাৰো জব্দ কৰে । এই ড্ৰাগছ চক্ৰটোৰ ডুবাই, পাকিস্তান, আফগানিস্তানৰ উপৰি উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যৰ সৈতে সম্পৰ্ক থকাৰ কথা জানিবলৈ দিয়ে এনচিবিৰ উপ-সঞ্চালক প্ৰধান জ্ঞানেশ্বৰ সিঙে (NCB deputy director general Gyaneshwar Singh) ৷ তেওঁ ড্ৰাগছৰ ব্যৱসায়ৰ পৰা লাভ কৰা ধন এই চক্ৰটোৱে কেইবাটাও বৈধ ব্যৱসায়ত বিনিয়োগ কৰাৰ কথাও ব্যক্ত কৰে ।

এনচিবিৰ চণ্ডীগড় আঞ্চলিক শাখাই ড্ৰাগৰ আন্তঃৰাষ্ট্ৰীয় চক্ৰৰ (International drug syndicate) বিৰুদ্ধে পঞ্জাৱত এক বিশেষ অভিযান চলোৱা পিচত এই অভিযান চলাইছিল । ২০২২ চনৰ এপ্ৰিলত এনচিবিয়ে গোচৰ ৰুজু কৰা শ্বাহিন বাগ আৰু মুজাফৰনগৰ গোচৰৰ সৈতে এই নেটৱৰ্কৰ উমৈহতীয়া সম্পৰ্ক থকাৰ কথা তদন্তত পোহৰলৈ আহে ৷ নাৰ্কটিক্স কণ্ট্ৰ’ল ব্যুৰ’ চণ্ডীগড় গোটে এই চক্ৰটো উৎখাত কৰাৰ লগতে তেওঁলোকৰ গোটেই শৃংখলাটো সম্পূৰ্ণৰূপে উদঘাটন কৰাৰ কথা জানিবলৈ দিয়ে এনচিবিৰ উপ-সঞ্চালক প্ৰধান জ্ঞানেশ্বৰ সিঙে ৷

এনচিবিয়ে ইয়াৰ পূৰ্বে, ১৫ নৱেম্বৰত লুধিয়ানাৰ সন্দীপ সিঙৰ পৰা ২০.৩২৬ কিলোগ্ৰাম হেৰ’ইন জব্দ কৰাৰ কথাও উল্লেখ কৰে জ্ঞানেশ্বৰ সিঙে ৷ বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ সহযোগিতাত এনচিবিৰ বিভিন্ন শাখা, পঞ্জাৱ আৰক্ষীৰ বিশেষ দলৰ লগতে বিভিন্ন কেন্দ্ৰীয় সংস্থাই এই অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ কথাও উল্লেখ কৰে উপ-সঞ্চালক প্ৰধান জ্ঞানেশ্বৰ সিঙে ৷ এই অভিযানত NIDAAN আৰু ICJS সহায় লোৱা হৈছিল । তেওঁলোকৰ সহযোগত নৱেম্বৰৰ পৰা বৰ্তমানলৈ এই আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ চক্ৰটোৰ প্ৰায় ১৩ টাক গ্ৰেপ্তাৰ কৰা হৈছে ।

এনচিবি-চণ্ডিগড়ৰ জ’নেল সঞ্চালক অমনজিৎ সিঙৰ অধীনত এটা বিশেষ অনুসন্ধানকাৰী দল গঠন কৰা হৈছে আৰু ইয়াত এনচিবিৰ বিভিন্ন শাখাৰ তদন্তকাৰী বিষয়াক অন্তৰ্ভুক্ত কৰা হৈছে ৷ আফগানিস্তান, পাকিস্তানকে ধৰি বিভিন্ন দেশ আৰু সমগ্ৰ ভাৰতৰ বিভিন্ন ৰাজ্যত বিয়পি থকা আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ চক্ৰক বিচাৰি এই দলটোৱে কাম কৰি আছে । ইয়াৰ উপৰি বিশেষ বিত্তীয় অনুসন্ধান আৰু টেকিনকাল অনুসন্ধানকাৰী দলো গঠন কৰা হৈছে ।

এই চক্ৰটোৰ সৈতে সম্পৰ্কিত 60 টাতকৈও অধিক বেংক একাউণ্ট ডেবিট ফ্ৰীজ কৰা হৈছে আৰু এনডিপিএছ আইন, 1985-ৰ অধীনত ফ্ৰীজিং অৰ্ডাৰ বিবেচনাধীন হৈ আছে বুলি এনচিবিৰ উপ-সঞ্চালক প্ৰধান জ্ঞানেশ্বৰ সিঙে জানিবলৈ দিয়ে ৷ তেওঁ লগতে জানিবলৈ দিয়া অনুসৰি, ড্ৰাগৰ ধনৰ পৰা ক্ৰয় কৰা এই আন্তঃৰাষ্ট্ৰীয় ড্ৰাগ চক্ৰৰ প্ৰায় 30 টা সম্পত্তি চিনাক্ত কৰা হৈছে আৰু এই সন্দৰ্ভত প্ৰয়োজনীয় পদক্ষেপৰ গ্ৰহণ কৰি ইয়াৰ প্ৰক্ৰিয়া চলাই থকা হৈছে ৷ এই আন্তঃৰাষ্ট্ৰীয় ড্ৰাগ চক্ৰটোৱে সুৰাৰ মহল, ৰাইচ মিল, ঘিউ ব্যৱসায়কে ধৰি বিভিন্ন ব্যৱসায়ৰ বিনিয়োগ কৰে ৷ এনচিবিয়ে ইতিমধ্যে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক :NIA files charge sheet: পশ্চিমবংগৰ সাম্প্ৰদায়িক হিংসাৰ গোচৰত ১৪ জনৰ বিৰুদ্ধে NIA ৰ চাৰ্জশ্বীট

ABOUT THE AUTHOR

...view details