নেশ্যনেল ডেস্ক, 8 এপ্ৰিল:বৃহস্পতিবাৰে পলাতক ডন দাউদ ইব্ৰাহিমৰ এগৰাকী সহায়ক ডেনিছ মাৰ্চেণ্ট ওৰফে ডেনিছ চিকনাক নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ই মুম্বাইলৈ লৈ আহে ৷ শুকুৰবাৰে ডেনিছ মাৰ্চেণ্টক আদালতত হাজিৰ কৰোৱা হ'ব বুলি জানিব পৰা গৈছে ৷
প্ৰাপ্ত তথ্য অনুসৰি ডেনিছে দক্ষিণ মুম্বাইৰ ডঙ্গৰি অঞ্চলত দাউদৰ এটা ড্ৰাগছ ফেক্টৰী পৰিচালনা কৰিছিল ৷ ৰাজস্থান অঞ্চলত ডেনিছৰ গতিবিধিৰ ওপৰত তথ্য লাভ কৰাৰ পাছত এনচিবি আৰু ৰাজস্থান আৰক্ষীয়ে এক যুটীয়া অভিযান চলাই বৃহস্পতিবাৰে ৰাজস্থানৰ পৰা ডেনিছক গ্ৰেপ্তাৰ কৰে ৷ জানিব পৰা মতে, অভিযুক্ত ডেনিছৰ পৰা আৰক্ষীয়ে 160 গ্ৰাম নিষিদ্ধ নিচাজাতীয় সামগ্ৰী জব্দ কৰে ৷