নেশ্যনেল ডেস্ক,২ এপ্ৰিল:নাৰ্কোটিক্স কন্ট্ৰ'ল ব্যুৰ'ৰ(এনচিবি) বৃহৎ সফলতা । গেংষ্টাৰ ডাউদ ইব্ৰাহীমৰ ড্ৰাগছ সাম্ৰাজ্য চলাই থকা ডেনিশ চিকনাক ৰাজস্থানৰ পৰা গ্ৰেপ্তাৰ কৰে সংস্থাটোৱে । বৃহস্পতিবাৰে নিশা কোটা আৰক্ষীৰ সহযোগত কোটা জিলাৰ পৰা ডেনিশক গ্ৰেপ্তাৰ কৰা হয় ।
জানিব পৰা মতে মহাৰাষ্ট্ৰৰ দংৰি অঞ্চলত দীৰ্ঘদিন ধৰি ডাউদ ইব্ৰাহীমৰ ড্ৰাগছৰ সাম্ৰাজ্য পৰিচালনা কৰি আছিল ডেনিশে । আৰক্ষীয়ে জনোৱা মতে তেওঁৰ বাহনৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হয় । ইফালে মুম্বাইৰ বিভিন্ন স্থানত ড্ৰাগছ সৰবৰাহৰ ঘটনাৰ প্ৰায় ৬টাকৈ গোচৰৰ অভিযুক্ত ডেনিশ চিকনা ।