নেশ্য়নেল ডেস্ক , ০১ ডিচেম্বৰ :অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্য়ুৰ পিছতে মায়ানগৰী মুম্বাইত ড্ৰাগছ সৰবৰাহৰ ক্ষেত্ৰত বহু নতুন তথ্য় পোহৰলৈ আহিছে । অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্য়ুৰ ঘটনা সন্দৰ্ভত ইতিমধ্য়ে ২ টা গোচৰ ৰুজু কৰিছে নাৰ্ক’টিক কন্ট্ৰ'ল ব্য়ুৰো (এন চি বি) য়ে । ইয়াৰ মাজতে মুম্বাইত নাৰ্ক’টিক কন্ট্ৰ'ল ব্য়ুৰো (এন চি বি)ৰ অভিযান । এই অভিযানত গ্ৰেপ্তাৰ ৩ জন নিচাযুক্ত দ্ৰব্য় সৰবৰাহকাৰী ।
মুম্বাইত এন চি বিৰ অভিযানঃ ৩ জনক গ্ৰেপ্তাৰ - সুশান্ত
অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্য়ুৰ পিছতে তৎপৰ মহাৰাষ্ট্ৰৰ নাৰ্ক’টিক কন্ট্ৰল ব্য়ুৰো । বৃহস্পতিবাৰে নিশা আন্ধেৰী আৰু কুৰ্লাত চলা অভিযানত (এন চি বি)ৰ দলটোৱে নিচাযুক্ত দ্ৰব্য়ৰ লগতে ৩জন যুৱকক গ্ৰেপ্তাৰ কৰে ।
মুম্বাইত এন চি বিৰ অভিযান , ৩ জন গ্ৰেপ্তাৰ
এন চি বিৰ আঞ্চলিক নিৰ্দেশক সমীৰ ৱাংখেডে জনোৱা মতে বৃহস্পতিবাৰে নিশা আন্ধেৰী আৰু কুৰ্লাত চলা এক অভিযানত (এন চি বি)ৰ দলটোৱে চিন্থেটিক ড্ৰাগছ মেফেড্ৰন জাতীয় নিচাযুক্ত দ্ৰব্য়ৰ লগতে ৩জন যুৱকক গ্ৰেপ্তাৰ কৰে । উল্লেখ্য যে যোৱা কেইবাটাও দিনত (এন চি বি)য়ে দেশৰ ভিন্ন প্ৰান্তত এইধৰণৰ অভিযান চলাইছে ।
লগতে পঢ়ক :সন্ত্ৰাসবাদৰ পিচতে জম্বু-কাশ্মীৰবাসীৰ বাবে বৃহৎ প্ৰত্যাহ্বান হৈছে ড্ৰাগছ: DGP