অসম

assam

MasterChef India Winner: নয়নজ্যোতি শইকীয়াৰ মাষ্টাৰচেফ ইণ্ডিয়া চিজন ৭ৰ খিতাপ অৰ্জন, দ্বিতীয় স্থানত অসমৰ শান্তা শৰ্মা

By

Published : Apr 1, 2023, 11:00 AM IST

কেইবা সপ্তাহ ধৰি বহু কঠিন প্ৰত্যাহ্বান অতিক্ৰম কৰি মাষ্টাৰচেফ ইণ্ডিয়াৰ বিজয়ীৰ খিতাপ অৰ্জন কৰিলে অসম সন্তান নয়নজ্যোতি শইকীয়াই । অসমৰ শান্তা শৰ্মাৰ দ্বিতীয় স্থান অৰ্জন ৷ বিজয়ীৰ খিতাপ অৰ্জন কৰি নয়নজ্যোতিয়ে তেওঁৰ ভৱিষ্যতৰ বিষয়ে ক'লে এই কথা ।

NAYANJYOTI SAIKIA WINS MASTERCHEF INDIA
নয়নজ্যোতি শইকীয়াৰ মাষ্টাৰচেফ ইণ্ডিয়া চিজন ৭ৰ খিতাপ অৰ্জন, দ্বিতীয় স্থানত অসমৰ শান্তা শৰ্মা

ভাৰতৰ আটাইতকৈ ডাঙৰ আৰু জনপ্ৰিয় ৰন্ধন ৰিয়েলিটি শ্ব’ মাষ্টাৰচেফ ইণ্ডিয়াই লাভ মাষ্টাৰচেফ ইণ্ডিয়া চিজন ৭ৰ বিজয়ী । এইবাৰ এই বিজয়ীৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে অসমৰ নয়নজ্যোতি শইকীয়াই । নয়নজ্যোতিয়ে তেওঁৰ চমৎকাৰী ৰন্ধন কৌশলৰ লগতে তেওঁৰ সৰলতা আৰু সত্যতাৰ সৈতে শ্ব’টোত সকলোৰে হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল(MasterChef India)। কেইবা সপ্তাহ ধৰি বহু কঠিন প্ৰত্যাহ্বান অতিক্ৰম কৰাৰ পিছত এতিয়া মাষ্টাৰচেফ ইণ্ডিয়াৰ বিজয়ী হৈ পৰিছে নয়নজ্যোতি । ইফালে, ফাইনেলত নয়জ্যোতিয়ে হাঁহৰ মাংস ৰান্ধি বিচাৰকৰ মন জয় কৰিবলৈ সক্ষম হয় ।

যাত্ৰা আৰম্ভ হৈছিল ৩৬ গৰাকী প্ৰতিযোগীৰ সৈতে

মাষ্টাৰচেফ ইণ্ডিয়া চিজন ৭ত ৩৬ গৰাকী প্ৰতিযোগীৰ সৈতে আৰম্ভ হয় । ইয়াৰ পিছত শীৰ্ষ ১৬ গৰাকী প্ৰতিযোগী নিৰ্বাচন কৰা হয় আৰু তাৰ পিছত শীৰ্ষ ৭ গৰাকীৰ মাজত চূড়ান্ত খেল অনুষ্ঠিত হয় । এই সকলোবোৰক পৰাস্ত কৰি ঘৰুৱা ৰান্ধনী নয়নজ্যোতি শইকীয়া হৈ পৰিছে মাষ্টাৰচেফ ইণ্ডিয়াৰ বিজয়ী(MasterChef India Winner)।

ৰন্ধন ৰিয়েলিটি শ্ব’ত জয়লাভ কৰি জিলিকি থকা ট্ৰফী লাভ কৰিছে নয়নজ্যোতি শইকীয়াই । ইয়াৰ লগতে ২৫ লাখ টকাৰ পুৰস্কাৰো লাভ কৰিছে । এই অনুষ্ঠানৰ প্ৰথম ৰানাৰ্ছ আপ অসমৰ শান্তা শৰ্মা আৰু দ্বিতীয় ৰানাৰ্ছ আপ হয় মুম্বাইৰ সুৱৰ্ণা বাগুল(Santa Sharma MasterChef India) । দুয়োগৰাকী ৰানাৰ্ছ আপক ৫ লাখ টকাৰ পুৰস্কাৰ দিয়া হৈছে(Who is MasterChef India season 7 winner)।

এইবাৰ মাষ্টাৰচেফ ইণ্ডিয়াৰ বিচাৰক হিচাপে আছিল চেফ ৰণবীৰ ব্ৰাৰ, বিকাশ খান্না আৰু গৰিমা অৰোৰাই । একে সময়তে সঞ্জীৱ কাপুৰে নিজৰ উপস্থিতিৰে শ্ব’টোৰ গ্ৰেণ্ড ফিনালে শোভা বঢ়াইছিল(Nayanjyoti Saikia)।

মাষ্টাৰচেফ ইণ্ডিয়াৰ বিজয়ী হোৱাৰ সন্দৰ্ভত কি ক’লে নয়নজ্যোতি শইকীয়াই ?

শ্ব’টোত জয়ী হোৱাৰ পাছত নয়নজ্যোতি শইকীয়াই সংবাদমাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত কয় যে, তেওঁ কেতিয়াও ভবা নাছিল যে তেওঁ মাষ্টাৰচেফ ইণ্ডিয়াত অংশগ্ৰহণ কৰিব পাৰিব । নয়নজ্যোতিয়ে কয়- "মাষ্টাৰচেফ ইণ্ডিয়াৰ পাকঘৰত ইমান সপ্তাহ কটালোঁ বুলি এতিয়াও বিশ্বাস কৰিব পৰা নাই । অৱশেষত মই শ্ব’টো জিকিলোঁ । শ্ব’টোত যোগদান কৰাটো মোৰ সপোন আছিল । কেৱল ইয়াৰ অংশ হোৱাই নহয়, শ্ব’টোও জয়ী হ’লোঁ ৷ মোৰ বাবে যেন এটা সপোন বাস্তৱায়িত হৈছে ।"

নয়নজ্যোতি শইকীয়াৰ ভৱিষ্যতৰ পৰিকল্পনা কি?

ভৱিষ্যতৰ পৰিকল্পনাৰ কথা কওঁতে নয়নজ্যোতিয়ে কয়- ভৱিষ্যতৰ পৰিকল্পনাৰ কথা এতিয়াও ভবা নাই । কিন্তু ৰন্ধা-বঢ়াৰ লগতে মই ভ্ৰমণ কৰি ভাল পাওঁ, গতিকে উত্তৰ-পূৰ্বাঞ্চলৰ খাদ্য আৰু সংস্কৃতিৰ ওপৰত এটা vlog বনোৱাৰ পৰিকল্পনা কৰিছো, কাৰণ মানুহে ভাল পাইছে। ইয়াৰ দ্বাৰা ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্টত কাম কৰাৰ সুযোগো পাম ।

লগতে পঢ়ক:Master Chef Australia ত বিশেষভাৱে সমাদৃত অসমৰ পঁইতা ভাত

ABOUT THE AUTHOR

...view details