নেশ্যনেল ডেস্ক, ৬ জুলাই :২৭ জুনত জম্মু বায়ু সেনা কেন্দ্ৰত (Jammu Air Force Station) ড্ৰোন আক্ৰমণৰ পিছত, নিৰাপত্তা সংস্থাসমূহৰ সূত্ৰই প্ৰকাশ কৰিছে যে কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ (CRPF) বিষয়াসকলে ছট্টিশগড়ৰ সুকমা জিলাত এখন ড্ৰোন প্ৰত্যক্ষ কৰিছে । নিৰাপত্তা সংস্থাসমূহৰ মতে, যোৱা মাহত মাওবাদী প্ৰভাৱিত ডৰনাপাল অঞ্চলত এখন ড্ৰোন (drone) দেখা গৈছিল যাৰ পিছত নিৰাপত্তা সংস্থাসমূহে চিআৰপিএফ জোৱানসকলক অঞ্চলটোৰ আশে-পাশে সন্দেহজনক ড্ৰোন চলাচলৰ ওপৰত নজৰ ৰাখিবলৈ সতৰ্ক কৰি দিছিল । ৰাজ্যখনৰ ৰাজধানী ৰায়পুৰৰ পৰা প্ৰায় ৪০০ কিলোমিটাৰ দূৰত অৱস্থিত সুকমা হৈছে দেশৰ আটাইতকৈ বেছি পৰিমাণে মাওবাদী পীড়িত জিলাসমূহৰ ভিতৰত অন্যতম ।
ছট্টিশগড়ত কাম কৰি থকা মাল্টি-এজেঞ্চী চেণ্টাৰ (MAC) আৰু সংস্থাসমূহৰ সৈতেও এই তথ্য আলোচনা কৰা হৈছে যে মাওবাদীসকলে বাওঁপন্থী উগ্ৰবাদ (LWE) প্ৰভাৱিত অঞ্চলত নিয়োজিত কৰ্মচাৰীৰ পৰা তথ্য সংগ্ৰহ কৰিবলৈ ড্ৰোন ব্যৱহাৰ কৰা আৰম্ভ কৰিছে । ২০০১ চনত গঠন কৰা এম.এ.চি. হৈছে ইণ্টেলিজেঞ্চ ব্যুৰ'ৰ(Intelligence Bureau) অধীনত এক ৰাষ্ট্ৰীয় চোৰাংচোৱা তথ্য লেনদেন ফিউজন কেন্দ্ৰ (Intelligence-sharing fusion centre) ৷ য'ত ৰাজ্য আৰু কেন্দ্ৰীয় সংস্থা আৰু আৰক্ষী বাহিনীয়ে দৈনিক সন্ত্ৰাসবাদৰ ওপৰত ইনপুটৰ তথ্য আদান প্ৰদান, সংৰক্ষণ আৰু বিশ্লেষণ কৰে । সূত্ৰৰ মতে সীমান্ত সুৰক্ষা বাহিনীয়ে (Border Security Force) ২০২০ চনৰ পৰা গুজৰাটৰ পৰা জম্মুলৈকে পশ্চিম সীমান্তত এতিয়ালৈকে কমেও ৯৯ খন ড্ৰোন দেখা পোৱাৰ তথ্য উল্লেখ কৰিছে ।