নিউজ ডেস্ক, ১৪ ডিচেম্বৰ : ছত্তীশগড়ত নক্সালবাদীয়ে প্ৰতিদিনে কূটাঘাতমূলক ঘটনা সংঘটিত কৰি আহিছে । শেহতীয়াভাৱে সংঘটিত এই কূটাঘাতমূলক কাৰ্যত কেইবাজনো নিৰাপত্তাৰক্ষী শ্বহীদ হোৱাৰ লগতে বহুকেইজন আহত হয় । বৃহস্পতিবাৰে পুনৰ সংঘটিত হয় নক্সালবাদীৰ আক্ৰমণৰ ঘটনা । কাংকেৰত সংঘটিত এক আইইডি বিস্ফোৰণত এজন বিএছএফ জোৱান শ্বহীদ হয় ।
উল্লেখ্য যে ইয়াৰ পূৰ্বে বুধবাৰে নাৰায়ণপুৰত মাওবাদীৰ গুলীচালনা আৰু আইইডি বিস্ফোৰণত এজন জোৱান নিহত হোৱাৰ উপৰি আন এজন আহত হৈছিল ।
প্ৰতাপপুৰৰ তেক্ৰাপাৰা পৰ্বতৰ ওচৰত সংঘটিত এই আইইডি বিস্ফোৰণৰ চিকাৰ হয় এজন বিএছএফ জোৱান । বিস্ফোৰণৰ ফলত জোৱানজন গুৰুতৰভাৱে আহত হয় । বিএছএফৰ নিয়মীয়া অভিযানৰ সময়ত এই ঘটনাটো সংঘটিত হয় । আহত বিএছএফ জোৱানজনক চিকিৎসাৰ বাবে পাখানজুৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হয় ।
তাতেই তেওঁক মৃত ঘোষণা কৰে । জানিব পৰা মতে, তেওঁ বিএছএফৰ ৪৭ নং বেটেলিয়নৰ আছিল । তেওঁৰ নাম হৈছে খিলেশ্বৰ ৰায় । ইতিমধ্যে সেনাবাহিনীয়ে অঞ্চলটোত ঘেৰাও কৰি অনুসন্ধান অভিযান আৰম্ভ কৰিছে । ইফালে কাংকেৰৰ এছপি দিব্যাং পেটেলে এই ঘটনাটো নিশ্চিত কৰিছে ।