নিউজ ডেস্ক, ২৫ মে' : বুধবাৰে ছত্তীশগড়ত আন এক বৃহৎ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে সুৰক্ষা বাহিনী (soldiers foiled conspiracy of Naxalites in Bijapur) । বিজাপুৰত কেন্দ্ৰীয় সংৰক্ষিত সুৰক্ষা বাহিনীৰ জোৱানসকলে নক্সালবাদীৰ বিৰুদ্ধে এক বৃহৎ সফলতা লাভ কৰে । নক্সালবাদীয়ে বিজাপুৰৰ আৱাপাল্লী বাছাগুড়া ৰোডত সুৰংগৰ দ্বাৰা স্থাপন কৰা ৫০ কেজি ওজনৰ বিস্ফোৰকৰ সৈতে দুটা আইইডি উদ্ধাৰ কৰে (explosives recovered on Awapalli Basaguda road) । যাৰ ফলত সুৰক্ষা বাহিনীৰ জোৱানসকলৰ সতৰ্কতাৰ বাবে পুনৰবাৰ নক্সালবাদীৰ এক বৃহৎ কূটাঘাতৰ পৰিকল্পনা বিফল হয় ।
উল্লেখ্য, বুধবাৰে চিআৰপিএফৰ ১৬৮ আৰু ২২২ বেটেলিয়ন আৰু বিজাপুৰ বিডিএছ দলে আৱাপল্লী বাছাগুড়া পথত এক তালাচী অভিযান চলাইছিল । তেনে সময়তে সুৰক্ষা বাহিনীৰ জোৱানসকলে আৱাপল্লী বাছাগুড়া পথত এটা ৮ ফুট দীঘল, ৮ ফুট বহল আৰু ৫ ফুট গভীৰ সুৰংগ প্ৰত্যক্ষ কৰে । উক্ত সুৰংগতে নক্সালবাদীয়ে দুটা প্লাষ্টিকৰ মোনাত ২৫ কেজিকৈ বিস্ফোৰক আৰু দুটা আইইডি স্থাপন কৰি ৰাখিছিল (IED recovered on Awapalli Basaguda road) । এই কাৰ্যৰ পৰা এটা কথা নিশ্চিত হৈছে যে ইয়াৰ দ্বাৰা নক্সালবাদীয়ে সুৰক্ষা বাহিনীৰ ব্যাপক ক্ষতি কৰাৰ পৰিকল্পনা ৰচিছিল ।