অসম

assam

ETV Bharat / bharat

Encounter in Balaghat : নিৰাপত্তাৰক্ষীৰ গুলীত মৃত্যু বিদ্ৰোহী নক্সালবাদী নেতা কামলুৰ - Naxalitite RECENT NEWS

হকফৰ্চ আৰু নক্সালবাদীৰ মাজত সংঘৰ্ষ ৷ গুলীয়াগুলীত নিৰাপত্তাৰক্ষী নিহত হোৱাৰ লগতে মৃত্যু ঘটে ওজন বিদ্ৰোহী নক্সালবাদী নেতাৰ ৷ 14 লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা মৃত বিদ্ৰোহী নেতাগৰাকী ছত্তীশগড়ৰ বিজাপুৰৰ নিবাসী 25 বছৰীয়া কামলু বুলি জানিব পৰা গৈছে ৷ ৰাইফল উদ্ধাৰ

Encounter in Balaghat
নক্সালবাদ বিৰোধী অভিযান

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 3:01 PM IST

নেশ্যনেল ডেস্ক, 29 ছেপ্টেম্বৰ:মধ্য প্ৰদেশৰবালাঘাটত হক ফৰ্চে অৰ্জন কৰিলে বৃহৎ সফলতা ৷ হকফৰ্চ আৰু নক্সালবাদীৰ মাজত হোৱা গুলীয়াগুলীত মৃত্যু হৈছে এজন বিদ্ৰোহী নক্সালবাদী নেতাৰ ৷ শুকুৰবাৰৰ পুৱা এনকাউণ্টাৰত নিহত হৈছে নক্সালবাদীজন । আন নক্সালবাদী আহত হোৱাৰ তথ্যও লাভ কৰা হৈছে । বৰ্তমান অঞ্চলটোত তীব্ৰ অনুসন্ধান চলি আছে বুলি জানিবলৈ পৰা গৈছে ৷ আই জি, আৰক্ষী অধীক্ষকৰ লগতে হকফৰ্চৰ চি ই অ’ ঘটনাস্থলীত উপস্থিত ৷

মৃত্যু হোৱা নক্সালবাদীগৰাকীৰ সন্ধানৰ বাবদ ঘোষণা কৰা হৈছিল 14 লাখকৈ টকা ৷ উল্লেখ্য যে, বালাঘাটত দশক দশক ধৰি নক্সালবাদী গোটৰ সঘন কাৰ্যকলাপ পৰিলক্ষিত হৈছিল যদিও যোৱা এটা বছৰত হক বাহিনী আৰু আৰক্ষীৰ যুটীয়া অভিযানে ক্ৰমশঃ দুৰ্বল কৰি তুলিছে বিদ্ৰোহী সংগঠনটোক ৷ 1950 চনত সংগঠনটোৰ স্থিতি দুৰ্বল বুলি গণ্য কৰা হৈছিল যদিও লাহে লাহে নক্সালবাদীয়ে পুনৰ ছত্তীশগড়ৰ কাষৰীয়া অৰণ্যৰ মাজেৰে বালাঘাটক নিজৰ ঘাটি হিচাপে দখল কৰিবলৈ সক্ষম হৈছিল ।

যদিও বালাঘাট আৰক্ষী আৰু হক ফ’ৰ্চৰ অবিৰত অনুসন্ধান আৰু এলেকা আধিপত্যৰ পিছতো অপ্ৰতিৰোধ্য নক্সালবাদীয়ে সময়ে সময়ে বেনাৰ, পোষ্টাৰ আদি লগাই নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে চেষ্টা চলাই আহিছিল ৷ শেহতীয়া অনুসন্ধানৰ সময়ত হক ফৰ্চে বালাঘাটত আন এক ডাঙৰ সফলতা লাভ কৰিলে । পুৱাৰ ভাগত জিলাখনৰ ৰূপঝাৰ থানাৰ অন্তৰ্গত কুণ্ডল-কোড্ডাপাৰ (সোংগুডা)ৰ অৰণ্যত হক ফৰ্চ তালাচীৰ সময়ত নক্সালবাদী বিদ্ৰোহীৰ সৈতে মুখামুখি হয়, তাৰ পিছত নক্সালবাদীয়ে হক ফৰ্চৰ জোৱানৰ ওপৰত গুলীচালনা কৰে ৷

প্ৰতিশোধ হিচাপে সৈন্যই এজন নক্সালবাদী নেতাক গুলীয়াই হত্যা কৰে যাৰ বাবে নিৰ্ধাৰণ কৰা হৈছিল 14 লাখ টকা । জানিব পৰা গৈছে যে এই এনকাউণ্টাৰত আন নক্সালবাদীও আহত হৈছে যদিও তেওঁলোকে ঘন অৰণ্যৰ সুবিধা লৈ পলায়ন কৰিবলৈ সক্ষম হৈছে ।

অঞ্চলটোত বৰ্তমানেও অব্যাহত আছে নক্সাল বিৰোধী অভিযান ৷

লগতে পঢ়ক:Food poisoning: হোটেলত খাদ্য গ্ৰহণ কৰি অসুস্থ 25 জনকৈ চিকিৎসক, তদন্ত অব্যাহত

ABOUT THE AUTHOR

...view details