অসম

assam

ETV Bharat / bharat

Naxalite attack in Sukma : নিৰাপত্তাবাহিনীলৈ নক্সালবাদীৰ গুলীচালনা - গুলীচালনাৰ ঘটনা

ছত্তিশগড়ত ভোটদানৰ সময়তে সুকমাত নক্সাল আক্ৰমণ ৷ নক্সালবাদীৰ দলে বান্দা ভোটকেন্দ্ৰৰ পৰা প্ৰায় দুই কিলোমিটাৰ দূৰৈত গুলীচালনাৰ ঘটনা সংঘটিত কৰাৰ লগতে পুৱাই অন্য এক স্থানত আই ই ডি বিস্ফোৰণ সংঘটিত কৰে ৷

Naxalite attack in Sukma
নিৰাপত্তাবাহিনীলৈ নক্সালবাদীৰ গুলীচালনা

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 1:36 PM IST

নেশ্যনেল ডেস্ক, 7 নৱেম্বৰ : আজি অৰ্থাৎ 7 নৱেম্বৰত ছত্তিশগড়ত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ চলি আছে। কঠোৰ নিৰাপত্তাৰ মাজত বস্তাৰত নিৰ্বাচন অনুষ্ঠিত হৈ আছে। ইফালে ইয়াৰ মাজতে সুকমাত ভোটদানৰ সময়ত ভোটকেন্দ্ৰ পৰা প্ৰায় দুই কিলোমিটাৰ নিলগত নক্সালবাদীৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। যদিও নিৰাপত্তাৰক্ষীয়ে নক্সাল আক্ৰমণ বিফল কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰ পিচতে নক্সালবাদীসকলে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷

সুকমা আৰক্ষীয়ে জাৰি কৰা এক বিবৃতি অনুসৰি, বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত আছে। অঞ্চলটোত ভোটদান চলি আছে, সকলো লোকে ভয় নকৰাকৈ ভোটদান কৰি আছে। পুৱা 7 বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হৈছে ৷ বিয়লি 3 বজালৈকে এই ভোটদান প্ৰক্ৰিয়া অব্যাহত থাকিব ৷

"আজি পুৱা নক্সালবাদীয়ে বান্দা ভোটকেন্দ্ৰৰ পৰা প্ৰায় ২ কিলোমিটাৰ নিলগত বাহিৰৰ বৃত্তত নিয়োজিত ডিআৰজি কৰ্মীসকলৰ ওপৰত গুলীচালনা কৰে। নিৰাপত্তাৰক্ষীয়ে প্ৰত্যুত্তৰ দিয়াৰ প্ৰায় 10 মিনিটৰ পিচত মাওবাদীৰ গুলীবৰ্ষণ বন্ধ হয়। সম্প্ৰতি সকলো জোৱান সুৰক্ষিত অৱস্থাত আছে ৷ ভোটকেন্দ্ৰটোত ভোটদান চলি আছে।"- সুকমা আৰক্ষীয়ে এক বিবৃত্তিযোগে প্ৰকাশ কৰে ৷

ইফালে আজি পুৱা সুকমাত এটা আইইডি বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। এই বিস্ফোৰণৰ ঘটনাত কোব্ৰা বেটেলিয়নৰ সৈনিক আহত হয় ৷ আইইডি বিস্ফোৰণটো টোণ্ডামাৰ্কা অঞ্চলত সংঘটিত হয় ৷ সুৰক্ষা বাহিনী অঞ্চলটোত নোহোৱাৰ সুযোগ লৈ এই বিস্ফোৰণৰ ঘটনা সংঘটিত কৰিছিল ৷ সম্প্ৰতি আহত জোৱানজনৰ সুস্থিৰ অৱস্থাত আছে বুলি জানিব পৰা গৈছে ৷

লক্ষণীয় যে, কটকটীয়া নিৰাপত্তাৰ মাজত বস্তাৰত নিৰ্বাচন প্ৰক্ৰিয়া অব্যাহত আছে ৷ এই ভোটগ্ৰহণ কেন্দ্ৰত প্ৰায় 40 হাজাৰ সুৰক্ষা বাহিনীৰ জোৱান মোতায়েন কৰা হৈছে। ভোটগ্ৰহণ কেন্দ্ৰৰ নিৰাপত্তাৰ লগতে ভোট দিবলৈ অহা লোকসকলৰ বাবে কঠোৰ নিৰাপত্তা ব্যৱস্থা নিয়োজিত কৰা হৈছে । ইয়াত তিনিটা স্তৰৰ সুৰক্ষা প্ৰণালী কাৰ্যকৰী কৰা হৈছে। ডিআৰজি, বস্তাৰীয়া যুঁজাৰু, অৰ্ধসামৰিক বাহিনী আৰু চিএএফৰ কৰ্মচাৰী সকলক নিয়োজিত কৰা হৈছে। বস্তাৰ আইজি আৰু আৰক্ষীয়ে ব্যক্তিগতভাৱে সকলো সুৰক্ষা ব্যৱস্থা নিৰীক্ষণ কৰি আছে।

লগতে পঢ়ক:Israel Hamas War : ইজৰাইল-হামাছ যুদ্ধ সম্পৰ্কীয় প্ৰস্তাৱ গ্ৰহণত ব্যৰ্থ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ

ABOUT THE AUTHOR

...view details