অসম

assam

ETV Bharat / bharat

Rajya Sabha election 2022 : ভোট দিব নোৱাৰিলে এনচিপিৰ নেতা নৱাব মালিকে - দেশৰ চাৰিখন ৰাজ্যত শুকুৰবাৰে অনুষ্ঠিত হৈছে ৰাজ্যসভাৰ নিৰ্বাচন

মহাৰাষ্ট্ৰৰ ৰাজ্যসভা নিৰ্বাচনত ভোট দিব নোৱাৰে এনচিপিৰ নেতা তথা মন্ত্ৰী নৱাব মালিকে (Nawab Malik not allowed to vote in Rajya Sabha election)। কাৰাগাৰত থকা নেতাগৰাকীয়ে ভোটদানৰ বাবে অনুমতি বিচাৰিছিল যদিও আদালতে জামিন প্ৰদান নকৰিলে নেতাগৰাকীক । শিৱসেনাৰ দ্বিতীয় প্ৰাৰ্থী সঞ্জয় পাৱাৰক নিৰ্বাচিত কৰাৰ বাবে শাসকীয় দলৰ অংশীদাৰ দলৰ ভোট অতি প্ৰয়োজন ।

Rajya Sabha election 2022
ভোট দিব নোৱাৰিলে এনচিপিৰ নেতা নৱাব মালিকে

By

Published : Jun 10, 2022, 2:00 PM IST

নেশ্যনেল ডেস্ক,১০ জুন :দেশৰ চাৰিখন ৰাজ্যত শুকুৰবাৰে অনুষ্ঠিত হৈছে ৰাজ্যসভাৰ নিৰ্বাচন (Rajya Sabha election 2022)। তাৰ ভিতৰত মহাৰাষ্ট্ৰৰ ৬ খন আসনৰ বাবে নিৰ্বাচন পুৱা ৯ বজাৰ পৰাই আৰম্ভ হৈছে । এই নিৰ্বাচনত শিৱসেনাৰ দ্বিতীয় প্ৰাৰ্থী সঞ্জয় পাৱাৰক নিৰ্বাচিত কৰাৰ বাবে শিৱসেনা নেতৃত্বাধীন মহা বিকাশ আঘাদীৰ বাবে প্ৰতিটো ভোট গুৰুত্বপূৰ্ণ । আনহাতে মহা বিকাশ আঘাদীৰ অংশীদাৰ হৈছে এনচিপি ।

কিন্তু এইবাৰ ভোট প্ৰদানৰ পৰা বঞ্চিত হ'ল মহাৰাষ্ট্ৰ চৰকাৰৰ মন্ত্ৰী তথা এনচিপি নেতা নৱাব মালিকে । সম্প্ৰতি কাৰাগাৰত থকা নেতাগৰাকীয়ে ভোট প্ৰদানৰ বাবে অস্থায়ী জামিনৰ আবেদন জনাইছিল যদিও আদালতে তেওঁৰ আবেদন খাৰিজ কৰে (Bombay HC declines plea of Nawab Malik)। লগে লগে শাসকীয় পক্ষত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । শুকুৰবাৰে বোম্বাই উচ্চ ন্যায়ালয়ে নেতাগৰাকীৰ আবেদন খাৰিজ কৰে । বণ্ডত জামিন প্ৰদান অথবা ভোটদানৰ বাবে বিধানসভালৈ নিৰাপত্তাৰক্ষীৰ সৈতে যাবলৈ অনুমতি বিচাৰি আবেদন জনাইছিল ।

ন্যায়াধীশ পি ডি নাইকৰ অধ্যক্ষতাত গঠিত বিচাৰপীঠে আবেদন খাৰিজ কৰি কয় যে যদিও মালিকে 'জামিন' শব্দটো ব্যৱহাৰ কৰা নাই কিন্তু তেওঁৰ আবেদনৰ উদ্দেশ্য আছিল জামিন বিচৰা আৰু সেয়েহে, তেওঁ বিশেষ আদালতক প্ৰত্যাহ্বান জনাই এখন আপীল দাখিল কৰিব লাগিব ।

উচ্চ ন্যায়ালয়ে লগতে মন্ত্ৰীৰ পৰামৰ্শদাতা অমিত দেশাইক আবেদন সংশোধন কৰিবলৈ আৰু উপযুক্ত সকাহ বিচাৰিবলৈ অনুমতি দিয়ে । ন্যায়াধীশে লগতে কয় যে এটা বণ্ড কেৱল চিআৰপিচিৰ ধাৰা ৪৩৯ৰ অধীনত জামিন বণ্ড হ'ব পাৰে । তেওঁ এখন উপযুক্ত আদালতৰ সন্মুখত আবেদন দাখিল কৰিব লাগিছিল বুলি উল্লেখ কৰে ন্যায়াধীশে ।

ইয়াৰপূৰ্বে মালিকে এদিনৰ বাবে অস্থায়ী জামিনত মুকলি কৰিবলৈ বা ভোট দিবলৈ এছক'ৰ্টৰ সৈতে যাবলৈ অনুমতি দিয়াৰ বাবে বৃহস্পতিবাৰে বিশেষ আদালতত আবেদন জনাইছিল । কিন্তু এই আবেদন নাকচ কৰাৰ পিছতে উচ্চ ন্যায়ালয়ত জৰুৰী শুনানি বিচাৰি তেওঁ আবেদন দাখিল কৰিছিল ।

উল্লেখ্য যে এই নিৰ্বাচনত শিৱসেনাৰ দ্বিতীয় প্ৰাৰ্থী সঞ্জয় পাৱাৰক নিৰ্বাচিত কৰাৰ বাবে শিৱসেনা নেতৃত্বাধীন মহা বিকাশ আঘাদীৰ বাবে প্ৰতিটো ভোট গুৰুত্বপূৰ্ণ । আনহাতে মহা বিকাশ আঘাদীৰ অংশীদাৰ হৈছে এনচিপি । কিন্তু এনচিপিৰ নেতা নৱাব মালিকে ভোটদানৰ অনুমতি নোপোৱাৰ পাছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক :Rajya Sabha election 2022 : দেশৰ চাৰিখন ৰাজ্যত অনুষ্ঠিত হৈছে ৰাজ্যসভাৰ নিৰ্বাচন

ABOUT THE AUTHOR

...view details