নেশ্যনেল ডেস্ক, ৬ ডিচেম্বৰ: ভাৰতীয় নৌ সেনাই দেওবাৰে অত্যাধুনিক জৰীপ জাহাজ 'সন্ধায়ক' মুকলি কৰে(Navy launches new survey vessel Sandhayak) । কলকাতাত আয়োজিত উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি প্ৰতিৰক্ষা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী অজয় ভাটে জাহাজখন মুকলি কৰে । জৰীপৰ কামত ব্যৱহাৰ কৰাৰ বাবে ভাৰতীয় নৌ সেনাই সাজু কৰা ৪ খন সুবিশাল অত্যাধুনিক জৰীপ জাহাজৰ ভিতৰত 'সন্ধায়ক' হৈছে প্ৰথমখন জাহাজ ৷ সন্ধায়কৰ লগতে মুকলি হ'বলগীয়া আন তিনিখন জাহাজে বৰ্তমানৰ সন্ধায়ক শ্ৰেণীৰ জৰীপ জাহাজৰ স্থান ল'ব ।
এই নতুন জাহাজবোৰ অত্যাধুনিক হাইড্ৰ'গ্ৰাফিক সঁজুলিৰে সু-সজ্জিত কৰি তোলা হৈছে । নতুন সন্ধায়ক জাহাজখন ১১০ মিটাৰ দীঘল, ১৬ মিটাৰ বহল আৰু জাহাজখনৰ ওজন হৈছে ৩,৩০০ টন । জাহাজখনত ২৩৫ জন কৰ্মচাৰী নিয়োজিত কৰা হৈছে । জাহাজখনৰ প্ৰপালচন প্ৰণালীত টুইন শ্বাফ্ট কনফিগাৰেশ্যনৰ দুটা মুখ্য ইঞ্জিন আছে ।
জৰীপ কাৰ্যৰ সময়ত কম গতিত জাহাজখন চলাচল কৰাৰ সুবিধা হোৱাকৈ প্ৰয়োজনীয় সকলো ব্যৱস্থা কৰা হৈছে । এই জাহাজখন ষ্টীল অথৰিটি অৱ ইণ্ডিয়া লিমিটেডৰ দ্বাৰা নিৰ্মিত তথা থলুৱাভাৱে বিকশিত ডিএমআৰ 249-এ ষ্টীলৰ পৰা তৈয়াৰ কৰা হৈছে ।