অসম

assam

ETV Bharat / bharat

শুকুৰবাৰে ছোনিয়া গান্ধীক সাক্ষাৎ কৰিব নৱজ্যোৎ সিং সিদ্ধুৱে - সৰ্বভাৰতীয় কংগ্ৰেছ সমিতি

২০২২ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত কংগ্ৰেছ(CONGRESS)ৰ আভ্যন্তৰীণ কন্দল ওৰ পেলোৱাৰ চেষ্টা কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বৰ । কংগ্ৰেছৰ এক সূত্ৰই জনোৱা মতে, পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ সৈতে মতবিৰোধ কৰি থকা নৱজ্যোৎ সিং সিদ্ধু(Navjot Singh Sidhu)ক পঞ্জাৱ প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্ত লৈছে দলটোৰ শীৰ্ষ নেতৃত্বই । আনহাতে, বৰ্তমান পঞ্জাৱ কংগ্ৰেছৰ নেতৃত্ব বহন কৰি থকা সুনীল জাখৰক সৰ্বভাৰতীয় কংগ্ৰেছ সমিতিত স্থান দিয়াৰ সম্ভাৱনা আছে ।

Navjot Singh Sidhu will meet party chief Sonia Gandhi today
শুকুৰবাৰে ছোনিয়া গান্ধীক সাক্ষাৎ কৰিব নৱজ্যোৎ সিং সিদ্ধুৱে

By

Published : Jul 16, 2021, 1:07 PM IST

নেশ্যনেল ডেস্ক, ১৬ জুলাই: নৱজ্যোৎ সিং সিদ্ধু(Navjot Singh Sidhu)ক পঞ্জাৱ কংগ্ৰেছত নতুন দায়িত্ব অৰ্পণ কৰাৰ চৰ্চা চলি থকাৰ মাজতে শুকুৰবাৰে তেওঁ কংগ্ৰেছৰ অধ্যক্ষা ছোনিয়া গান্ধীক সাক্ষাৎ কৰিব । ছোনিয়া গান্ধীৰ বাসভৱনতে নৱজ্যোৎ সিং সিদ্ধুেৱে তেওঁক সাক্ষাৎ কৰিব । কংগ্ৰেছৰ এক সূত্ৰই জনোৱা মতে, নৱজ্যোৎ সিং সিদ্ধু(Navjot Singh Sidhu)ক পঞ্জাৱ প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুৰব্বী হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্ত লৈছে দলটোৰ শীৰ্ষ নেতৃত্বই । আনহাতে, বৰ্তমান পঞ্জাৱ কংগ্ৰেছৰ নেতৃত্ব বহন কৰি থকা সুনীল জাখৰক সৰ্বভাৰতীয় কংগ্ৰেছ সমিতিত স্থান দিয়াৰ সম্ভাৱনা আছে ।

বিগত কিছুদিন ধৰি পঞ্জাৱৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙ(Captain Amarinder Singh)ৰ সৈতে মতানৈক্য অব্যাহত আছে সিদ্ধুৰ । এই বিষয়ক লৈ যোৱা ৬ জুলাইতো কংগ্ৰেছৰ অধ্যক্ষা ছোনিয়া গান্ধী(Sonia Gandhi) ৰে বৈঠকত মিলিত হৈছিল পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিং । মুখ্যমন্ত্ৰী আৰু দলৰ আন বিধায়কসকলৰ সৈতে আলোচনা কৰিবলৈ এখন পেনেলো গঠন কৰা হৈছিল । মুখ্যমন্ত্ৰী আৰু সিদ্ধু দুয়োজনে পেনেলৰ ওচৰত তেওঁলোকৰ মতামত জনাইছিল ।

কংগ্ৰেছৰ এক সূত্ৰই জনোৱা মতে, কংগ্ৰেছৰ পঞ্জাৱৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হৰিশ ৰাৱতেও শুকুৰবাৰে ছোনিয়া গান্ধীক সাক্ষাৎ কৰিব । কংগ্ৰেছে আজি সিদ্ধুক পঞ্জাৱ প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুৰব্বী হিচাপে ঘোষণা কৰাৰ সম্ভাৱনা আছে । সিদ্ধুক দুজন কাৰ্যকৰী সভাপতিৰ সৈতে নতুন সভাপতি হিচাপে নিযুক্তি দিয়া হ'ব বুলি সূত্ৰটোৱে জানিবলৈ দিছে ।

আনহাতে, কেপ্টেইন অমৰিন্দৰ সিঙৰ এক ঘনিষ্ঠ সূত্ৰই জনাইছে যে, হাইকামাণ্ডৰ সিদ্ধান্তক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে অসন্তুষ্টি ব্যক্ত কৰিছে । কিয়নো, দলৰ হাইকামাণ্ডক তেওঁ পূৰ্বেই জনাইছিল সিদ্ধুক পঞ্জাৱ প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি হিচাপে লৈ তেওঁ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰে । সিদ্ধু আৰু অমৰিন্দৰ সিঙৰ মাজৰ মতানৈক্য নতুন নহয় । উল্লেখ্য যে, ২০১৭ চনত পঞ্জাৱত কংগ্ৰেছ চৰকাৰ গঠন হোৱাৰ এসপ্তাহৰ পিছৰে পৰা এই বিভেদ আৰম্ভ হৈছে আৰু সময় পাৰ হৈ যোৱাৰ লগে লগে সংঘাত বৃদ্ধি পাইছে ।

লগতে পঢ়ক:ৰাজদ্ৰোহ আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন অৰুণ চৌৰীৰ

ABOUT THE AUTHOR

...view details